ETV Bharat / bharat

দিল্লী ধৰ্ষণ কাণ্ড : ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠিছে বিশেষ অভিযোগ

author img

By

Published : Aug 5, 2021, 9:27 PM IST

দিল্লীত ধৰ্ষণ-হত্যাৰ বলি হোৱা কিশোৰীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী(RAHUL GANDHI) । ন্যায় লাভৰ যুঁজত পৰিয়ালক সহযোগ কৰাৰ আশ্বাসো দিছিল কংগ্ৰেছ নেতাজনে । এইখিনিলৈকে ঠিকেই আছিল । কিন্তু ইয়াৰ পাছতে এটা বিশেষ কাৰণত ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লী এগৰাকী অধিবক্তাই দাখিল কৰিলে অভিযোগ ।

A complaint has been filed against Rahul Gandhi for posting photo of victim's family
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লীৰ এগৰাকী অধিবক্তাৰ অভিযোগ

নেশ্যনেল ডেস্ক, ৫ আগষ্ট: দিল্লীত কেণ্টনমেণ্ট অঞ্চলত দেওবাৰে এগৰাকী ৯ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ পিছতে প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজধানী চহৰখনত । পুৰণি নাংগল শ্মশানৰ এগৰাকী পুৰোহিতে কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছিল কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে । বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে । কিন্তু পৰিয়ালক সাক্ষাৎ কৰাৰ সময়ত তোলা ফটো কংগ্ৰেছ নেতাগৰাকীয়ে টুইটযোগে শ্বেয়াৰ কৰে ।

ৰাহুল গান্ধীয়ে ধৰ্ষণৰ বলি হোৱা কিশোৰীৰ পৰিয়ালৰ ফটো শ্বেয়াৰ কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বিনীত জিন্দাল নামৰ দিল্লীৰ এজন অধিবক্তাই । জিন্দালে অভিযোগ তুলিছে যে, ৰাহুল গান্ধীয়ে কিশোৰীগৰাকীৰ পিতৃ আৰু মাতৃৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰি কিশোৰীগৰাকীৰ পৰিচয় ৰাজহুৱা কৰিছে, যি আইন বিৰোধী । ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰু কঠোৰ আইনী ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে অধিবক্তাগৰাকীয়ে ।

লগতে পঢ়ক : #JeeneDo: ধৰ্ষণৰ বিষয়ে উদ্ভট মন্তব্য কৰা দেশৰ একাংশ আগশাৰীৰ লোক

অভিযোগকাৰীৰ মতে, যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা(Protection of Children from Sexual Offences)আইনৰ ২৩ নং ধাৰা, কিশোৰ ন্যায়(Juvenile Justice) আইন, ভাৰতীয় দণ্ডবিধিৰ ২২৮(A) নং ধাৰাৰ অধীনত ৰাহুল গান্ধীয়ে অপৰাধ কৰিছে ।

কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ ফটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে টুইটযোগে উল্লেখ কৰিছিল যে, কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ চকুপানীয়ে কেৱল এটা কথাকে বুজাইছে যে, তেওঁলোকৰ কন্য়া এই দেশৰ জীয়ৰী আৰু তেওঁ ন্যায় লাভ যোগ্য । লগতে ন্যায় লাভৰ এই যুঁজত তেওঁ পৰিয়ালৰ সৈতে আছে বুলিও টুইটটোত উল্লেখ কৰে । ৰাহুল গান্ধীৰ টুইটৰ পাছতে বুধবাৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে টুইটাৰক কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক : #JeeneDo: কিশোৰী ধৰ্ষণক লৈ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাত প্ৰতিবাদ

আয়োগে কয় যে, ৰাহুল গান্ধীয়ে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা(Protection of Children from Sexual Offences)আইন, কিশোৰ ন্যায়(Juvenile Justice) আইন উলংঘা কৰিছে । বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই এন চি পি চি আৰক ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল । ৰাহুল গান্ধীয়ে বুধবাৰে কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিছিল আৰু তাৰ পাছত তেওঁ কয় যে, কিশোৰীগৰাকীৰ পৰিয়ালে কেৱল ন্যায় বিচাৰিছে ।

ৰাহুলে জনোৱা মতে, পৰিয়ালটোৱে কৈছে যে, তেওঁলোকক ন্যায় প্ৰদান কৰা হোৱা নাই আৰু তেওঁলোকক চৰকাৰে সহায় কৰা উচিত । কংগ্ৰেছে পৰিয়ালটোক ন্যায় লাভৰ ক্ষেত্ৰত সহায় কৰিব বুলিও ৰাহুল গান্ধীয়ে আশ্বাস দিয়ে ।

লগতে পঢ়ক : উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক ৫

উল্লেখ্য যে, দিল্লীত কেণ্টনমেণ্ট অঞ্চলৰ বাসিন্দা এগৰাকী ৯ বছৰীয়া কিশোৰীক দেওবাৰে মৃত অৱস্থাত কৰিছিল পিতৃ-মাতৃয়ে । পৰিয়ালৰ লোকে জনোৱা মতে, কিশোৰীগৰাকীয়ে কুলাৰৰ পৰা পানী আনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু বহু সময় ধৰি কিশোৰীগৰাকী ঘৰলৈ উভতি অহা নাছিল । কিছু সময়ৰ পাছত পুৰণি নাংগল শ্মশানত কৰ্মৰত এগৰাকী পুৰোহিতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃক জনায় যে, ৱাটাৰকুলাৰৰ পৰা পানী আনিবলৈ চেষ্টা কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীগৰাকীৰ মৃত্যু হৈছে ।

পুৰোহিতজনে কৈছিল যে, যদি তেওঁলোকে আৰক্ষীক খবৰ দিয়ে, তেন্তে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ নামত কিশোৰীগৰাকীৰ মৃতদেহ চিকিৎসালয়লৈ লৈ যাব আৰু চিকিৎসালয়ত কিশোৰীগৰাকীৰ দেহৰ অংগ চুৰি কৰি নিয়া হ'ব । কেৱল এয়াই নহয়, পৰিয়ালৰ সন্মতি অবিহনে পুৰোহিতজনে পুৰণি নাংগল শ্মশানত কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰো অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে ।

কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি অভিযোগ তুলিছে পৰিয়ালটোৱে আৰু এই ঘটনাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে শ্মাশানৰ পুৰোহিত আৰু আন তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক : পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা পদ ত্যাগ প্ৰশান্ত কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.