নেশ্যনেল ডেস্ক, 22 আগষ্ট: জম্মু-কাশ্মীৰত পুনৰ এক বিষ্ফাৰণৰ ঘটনা সংঘটিত হৈছে ৷ দেওবাৰে নিশা জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ হ্ৰদৰ পাৰত থকা বিখ্যাত মোগল বাগিচাৰ বাহিৰত কোনো সন্দেহযুক্ত সন্ত্ৰাসবাদী দলে নিক্ষেপ কৰে এটা গ্ৰেণেড (Srinagar grenade attack)৷ গ্ৰেণেডটো বিস্ফোৰণৰ ফলত সেই স্থানত থকা 9 গৰাকী অসামৰিক লোক আহত হয়(Nine civilians injured terrorists hurled a grenade)৷
আহত সাতজন লোকক ততাতৈয়াকৈ এছ.এম.এইচ.এছ. চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে আন দুজন আহতক স্থানীয় এছ.কে.আই.এম.এছ. চিকিৎসালয়লৈ ভৰ্তি কৰা হয় ৷ বৰ্তমান আঘাটপ্ৰাপ্ত আটাইকেইগৰাকী লোকৰ অৱস্থা সুস্থিৰ বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷
ইফালে দেওবাৰৰ দিনটোতেই আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এটা সক্ৰিয় আই ই ডি উদ্ধাৰ কৰিবলৈ সক্ষম হয় (IED found in Pulwama)৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় ১০-১২ কিলোগ্ৰাম ওজনৰ এই আইইডিটো দক্ষিণ কাশ্মীৰ জিলাৰ ট্ৰালৰ বেইহগুণ্ড অঞ্চলত নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে উদ্ধাৰস্থলীত বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ আইইডিটো ধ্বংস কৰিবলৈ সক্ষম হয় ৷ আইইডিটো ধ্বংস কৰি অঞ্চলটোক এক ডাঙৰ সাম্ভাৱ্য কূটাঘাটমূলক ঘটনাৰ পৰা ৰক্ষা কৰা বুলি দাবী কৰে কাশ্মীৰ আৰক্ষী আৰু সেনা বিষয়াই ৷
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে পাঞ্জাৱত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা