ETV Bharat / bharat

Accidents on Samruddhi Expressway : বিগত ছমাহত সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে 88 জনে - বিগত ছমাহত সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে

মহাৰাষ্ট্ৰৰ সমৰুদ্ধি এক্সপ্ৰেছৱেত যোৱা ছমাহত পথ দুৰ্ঘটনাত 88 জন লোকে প্ৰাণ হেৰুৱাইছে বুলি ৰাজ্যিক ঘাইপথৰ এক বিবৃতিযোগে প্ৰকাশ পায় ৷

Accidents on Samruddhi Expressway
সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে 88 জনে
author img

By

Published : Jul 2, 2023, 1:32 PM IST

নেশ্যনেল ডেস্ক, 2 জুলাই : মহাৰাষ্ট্ৰৰ বুলধানাত শুকুৰবাৰৰ মাজনিশা এখন যাত্ৰীবাহী বাছত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীত 26 জন যাত্ৰীৰ মৃত্যু হয় । ইয়াৰ পূৰ্বেও এই স্থানত সংঘটিত হৈছে কেইবাটাও ভয়াৱহ দুৰ্ঘটনাৰ ঘটনা ৷ ৰাজ্যিক ঘাইপথ আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত কয়, ছয় লেন বহল প্ৰৱেশ নিয়ন্ত্ৰিত এক্সপ্ৰেছৱেত সংঘটিত হোৱা দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে Road hypnosis ক বিবেচনা কৰা হৈছে । Highway hypnosis বা driving hypnosis হ’ল এনে এটা অৱস্থা যেতিয়া কোনো চালকে বাহন চলাই থকাৰ সময়ত সেই নিৰ্দিষ্ট সময়ছোৱাত কি হৈছিল সেই কথা মনত পেলাব নোৱাৰে ।

মহাৰাষ্ট্ৰৰ সমৰুদ্ধি এক্সপ্ৰেছৱেত যোৱা ছমাহত পথ দুৰ্ঘটনাত 88 জন লোকে প্ৰাণ হেৰুৱাইছে,শুকুৰবাৰৰ মাজনিশা এখন ব্যক্তিগত বাছে ডিভাইডাৰত খুন্দা মৰাৰ ফলত জুই লাগিছে বুলি এজন বিষয়াই জানিবলৈ দিয়ে । ছয় লেন বহল প্ৰৱেশ নিয়ন্ত্ৰিত এক্সপ্ৰেছৱেত সংঘটিত হোৱা দুৰ্ঘটনাৰ কাৰণ Road hypnosis অন্যতম বুলি উল্লেখ কৰে ৰাজ্যিক ঘাইপথ আৰক্ষী বিষয়াগৰাকীয়ে । তথ্যৰ উদ্ধৃতি দি বিষয়াগৰাকীয়ে জনায়, যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা নাগপুৰ-মুম্বাই এক্সপ্ৰেছৱে’ত মুঠ 39 টা মাৰাত্মক দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ উপৰিও এই এক্সপ্ৰেছৱেত 616 টা সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে য’ত 656 জন লোক গুৰুতৰ আৰু সামান্য আঘাতপ্ৰাপ্ত হৈছে ।

অধিকাংশ দুৰ্ঘটনাই তীব্ৰ গতিবেগ, চালক টোপনি যোৱা, টায়াৰ ফাটি যোৱাৰ দৰে কাৰণত সংঘটিত হৈছিল । বিষয়াগৰাকীয়ে লগতে ঘাইপথ আৰক্ষীয়ে পথ সম্মোহনৰ সমস্যাটো মোকাবিলা কৰাৰ চেষ্টা চলাই আহিছে বুলিও জানিবলৈ দিয়ে । সমগ্ৰ মহাৰাষ্ট্ৰত 2022 চনত পথ দুৰ্ঘটনাত 15,224 জন লোকৰ মৃত্যু হৈছিল বুলিও তেওঁ লগতে কয় । আৰক্ষীয়ে জনোৱা মতে, শনিবাৰৰ পুৱতি নিশা বুলধনা জিলাৰ এক্সপ্ৰেছৱে’ত ডিভাইডাৰত খুন্দা মৰাৰ ফলত ব্যক্তিগত বাছখন ধবংসপ্ৰাপ্ত হোৱাৰ লগতে 26 জনকৈ লোকৰ মৃত্যু ঘটে ।

লগতে পঢ়ক : Bus Accident: ৰাজপথত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ: অগ্নিদগ্ধ হৈ ২৬ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.