ETV Bharat / bharat

মিজোৰামত নতুনকৈ আঠ গৰাকী ক'ভিড-19 ত আক্ৰান্ত - ক'ভিড 19

মিজোৰামত পুনৰ আঠ গৰাকী ক'ভিড-19 ত আক্ৰান্ত ৷ ৰাজ্যখনত বৰ্তমানলৈকে মুঠ 4508 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত ৷ ইয়াৰে 4451 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 11 গৰাকীৰ মৃত্যু হৈছে ৷ বৰ্তমানেও আক্ৰান্ত ৰোগীৰ সংখ্যা 46 গৰাকী ৷

8 people detected with covid positive in mizoram on april 6
মিজোৰামত নতুনকৈ আঠ গৰাকী ক'ভিড-19 ত আক্ৰান্ত
author img

By

Published : Apr 7, 2021, 10:55 PM IST

মিজোৰাম,7 এপ্ৰিল: সমগ্ৰ দেশতে ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে 6 এপ্ৰিলত মিজোৰামত আঠ গৰাকী লোক নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি ZMC RT-PCR পৰীক্ষাগাৰত সম্পন্ন কৰা পৰীক্ষাত 55 টা নমুনাৰ ভিতৰত এগৰাকী আক্ৰান্ত বুলি ধৰা পৰিছে ৷ আক্ৰান্ত গৰাকী এগৰাকী 30 বৰ্ষীয় সমুখ সমৰৰ যোদ্ধা ৷ তেওঁ কলিকতাৰ পৰা উভতি অহা বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীৰ শৰীৰত ক'ভিড-19 ৰ লক্ষণ ধৰা পৰিছে আৰু বৰ্তমান তেওঁ হোম কোৱাৰেন্টাইনত আছে ৷

ৰাজ্যখনৰ True NAT পৰীক্ষাগাৰত চাৰিটা নমুনা পৰীক্ষা কৰা হৈছিল ৷ আটাইকেইটা নমুনাৰে ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ৷ RAgT সম্পন্ন কৰা 1090 টা নমুনাৰ পৰীক্ষণত 7 টা নমুনা পজিটিভ বুলি ধৰা পৰে ৷ আক্ৰান্ত আটাইকেইগৰাকীৰ বয়স 3 ৰ পৰা 45 বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷ এই 7 গৰাকী আক্ৰান্তৰ ভিতৰত দুগৰাকী পুৰুষ , দুগৰাকী মহিলা আৰু 3 বছৰীয়া এটি শিশুৰ শৰীৰত লক্ষম ধৰা পৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি 6 এপ্ৰিলত 1149 টা নমুনা পৰীক্ষা কৰা হয় ৷ 7 এপ্ৰিলত চাৰিগৰাকী আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷ মিজোৰামত বৰ্তমানলৈকে মুঠ 4508 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰে 4451 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 11 গৰাকীৰ মৃত্যু হৈছে ৷ 7 এপ্ৰিললৈকে ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যা 46 গৰাকী ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশত 40 গৰাকী চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.