মিজোৰাম, 26 ফেব্ৰুৱাৰী: ম্যানমাৰৰ পৰা অহা তামোলৰ আমদানি বন্ধ কৰাৰ বাবে মিজোৰামে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অষ্টম মিজোৰাম বিধানসভাৰ সপ্তম অধিৱেশনৰ তৃতীয় দিনটোত কৰ মন্ত্ৰী লালচাম্লিয়ানাই এই কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতলৈ তামোলৰ আমদানি কৰাটো অবৈধ আৰু সেইবাবেই কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে মিজোৰামত ম্যানমাৰৰ পৰা অহা তামোলৰ আমদানি বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
মন্ত্ৰী গৰাকীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে, ম্যনমাৰৰ পৰা তামোল কঢিয়াই অনা ট্ৰাকৰ উপৰত অসম ৰাইফলছে কৰ আৰোপ কৰা অভিযোগৰ সবিশেষ তথ্য প্ৰমাণ কৰ বিভাগৰ হাতত নাই আৰু লগতে এই কথাও দাবী কৰে যে, MAMCO য়ে তামোলসমূহ ৰাজ্যখনৰ উৎপাদন বুলি প্ৰমাণ কৰাৰ বাবে ভুৱা নথি পত্ৰৰ সহায় লৈছে ৷
ইফালে জ'ৰাম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী 21 বৰ্ষীয় ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনা সদনৰ সন্মুখত উপস্থাপন কৰি ৰাজ্যখনৰ চিকিৎসা মন্ত্ৰী ড৹ আৰ লালথাংলিয়ানাই কয় যে, চিকিৎসা মহাবিদ্যালয় খনৰ নজৰ চাকমা নামৰ 21 বছৰীয়া ছাত্ৰ জনক মৃত অৱস্থাত হোষ্টেলৰ কোঠাত উদ্ধাৰ কৰা হৈছিল ৷ তেওঁ এই কথাও উল্লেখ কৰে যে, 2019 বৰ্ষত ছাত্ৰজনে চিকিৎসা পাঠ্যক্ৰমত নাম অন্তৰ্ভুক্ত কৰিছিল আৰু প্ৰথমটো বৃত্তিগত এমবিবিএচ পৰীক্ষাৰ ফলাফল মঙলবাৰে ঘোষণা কৰা হৈছিল আৰু ছাত্ৰজনে ভাল ফলাফল লাভ কৰা নাছিল ৷ ইয়াপ পাছৰ দিনটোতেই ছাত্ৰ গৰাকীক নিজ কোঠাত এদাল ৰছীত উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয় ৷ ছাত্ৰ গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক বচাব পৰা ন'গল ৷ মন্ত্ৰী গৰাকীয়ে সদনত এই কথা উল্লেখ কৰে যে, ছাত্ৰ গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত কাকো দোষী সাব্যস্ত কৰা নাই আৰু প'ষ্টম'ৰ্টেম কৰাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰে ৷ মৃতদেহ সৎকাৰৰ বাবে ছাত্ৰ গৰাকীৰ নশ্বৰ দেহ তেওঁৰ গাঁৱলৈ প্ৰেৰণ কৰা হয় বুলি মন্ত্ৰী গৰাকীয়ে সদনক জানিবলৈ দিয়ে ৷
বৃহস্পতিবাৰৰ অভিৱেশনত সদনত মুঠ পাঁচটা প্ৰশ্নৰ উত্তৰ দিয়া হয় আৰু দুখন বিধেয়ক গৃহিত কৰা হয় ৷ গৃহিত হোৱা বিধেয়ক দুখন হ'ল ক্ৰমে- The Mizoram state higher education council (amendment) Bill 2021 আৰু The Mizoram Licensing and Regulation of Private Veterinary Hospitals and Clinics Bill 2021 ৷
লগতে পঢ়ক: মিজোৰামত জব্দ ২২ লক্ষাধিক মূল্যৰ ড্ৰাগছ