ETV Bharat / bharat

United Nations General Assembly : নিউয়ৰ্কত কেইবাখনো দেশৰ মন্ত্ৰীক সাক্ষাৎ জয়শংকৰৰ - Jaishankar meets Bahrain counterparts

নিউয়ক্ৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৮ সংখ্যক অধিবেশনৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কেইবাখনো দেশৰ প্ৰতিনিধিক সাক্ষাৎ কৰে । ব্ৰাজিল, বাহৰেইন আৰু দক্ষিণ আফ্ৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতেও বৈঠক জয়শংকৰৰ ।

United Nations General Assembly
নিউয়ৰ্কত কেইবাখনো দেশৰ মন্ত্ৰীক সাক্ষাৎ জয়শংকৰৰ
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 1:13 PM IST

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৮ সংখ্যক অধিবেশনৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ব্ৰাজিল, বাহৰেইন আৰু দক্ষিণ আফ্ৰিকাৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয় ।

এক্সৰ জৰিয়তে তেওঁ কয় যে বাহৰেইনৰ বৈদেশিক মন্ত্ৰী ড০ আব্দুল লতিফ বিন ৰছিদ আল জায়ানীক সাক্ষাৎ কৰি তেওঁ অত্যন্ত আনন্দিত হৈছে । এই মাহৰ আৰম্ভণিতে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়তো সংযোগ, অৰ্থনৈতিক সম্পৰ্ক আৰু আঞ্চলিক গতিশীলতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা হৈছিল ।

সন্মিলনৰ সময়ত ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউ.এ.ই., চৌদি আৰৱ, ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ইউৰোপীয় ইউনিয়নে ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে । ইফালে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰী মাউৰো ভিয়েৰা আৰু দক্ষিণ আফ্ৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী নালেদি পাণ্ডোৰৰ সৈতেও বৈঠকত মিলিত হয় ।

তেওঁ কোৱা মতে যুটীয়া বিজ্ঞপ্তিয়ে 'দক্ষিণ-দক্ষিণ' সংহতিৰ শক্তি প্ৰদৰ্শন কৰে । বৈদেশিক মন্ত্ৰী মাউৰো ভিয়েৰা আৰু নালেদি পাণ্ডোৰৰ সৈতে অতি ফলপ্ৰসূ বৈঠক হোৱা বুলি তেওঁ উল্লেখ কৰে । জয়শংকৰে কয় যে ব্ৰিটেইনৰ মধ্যপ্ৰাচ্য, দক্ষিণ এছিয়া আৰু ৰাষ্ট্ৰসংঘৰ ৰাজ্যিক মন্ত্ৰী লৰ্ড তাৰিক আহমেদৰ সৈতেও বৈঠক অনুষ্ঠিত হয় আৰু দুয়োগৰাকী নেতাই ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে আৰু ইউক্ৰেইন সম্পৰ্কীয় উন্নয়নৰ বিষয়েও কথা পাতে ।

জয়শংকৰে কয় যে তাৰিক আহমেদক সাক্ষাৎ কৰাটো অতি গুৰুত্বপূৰ্ণ । তেওঁলোকে ইউক্ৰেইন সম্পৰ্কীয় শেহতীয়া উন্নয়ন সম্পৰ্কেও আলোচনা কৰে । তাৰ পূৰ্বে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৮ সংখ্যক অধিবেশনৰ সময়ত অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পেনি ওয়ঙৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । দুয়োখন দেশৰ আঞ্চলিক আৰু গোলকীয় মূল্যায়নৰ আদান-প্ৰদান সদায় মূল্যৱান বুলিও জয়শংকৰে উল্লেখ কৰে ।

লগতে পঢ়ক :India Slams Pakistan : ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ আক্ৰমণ ভাৰতৰ; পাক অধিকৃত কাশ্মীৰ খালী কৰাৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.