নেশ্যেনল ডেস্ক, 27 ডিচেম্বৰ : ৰাজধানী দিল্লীত ধাৰাবাহিকভাৱে তৃতীয়টো দিনত হাজাৰতকৈ কিছু কম নতুন কৰ‘ণাৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ কৰ‘ণাৰ সংক্ৰমণৰ সংখ্যা বিগত দিনৰ তুলনাত বৃদ্ধি পাইছে ৰাজধানী চহৰখনত ৷ বৰ্তমান দিল্লীত কৰ‘ণাৰ সংক্ৰমণৰ হাৰ 1.1 শতাংশলৈ বৃদ্ধি হৈছে ৷
উল্লেখযোগ্য যে, সক্ৰিয় কৰ‘ণা ৰোগীৰ সংখ্যা বৰ্তমানলৈকে সকলোতকৈ কম স্তৰত আহি 1.07 শতাংশ হৈছেহি ৷ তদুপৰি ৰাজ্যখনত কৰ‘ণাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈ সকলোতকৈ উচ্চতম স্তৰ 97.24 শতাংশ হৈছে ৷
দেওবাৰে বিয়লি দিল্লী চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা কৰ‘ণাৰ হেল্থ বুলেটিনৰ মতে, বিগত 24 ঘণ্টাত দিল্লীত কৰ‘ণাত নতুনকৈ আক্ৰান্ত হৈছে 757 গৰাকী লোক ৷ দেওবাৰৰ সংখ্যা যোগ কৰি দিল্লীত সংক্ৰমিতৰ সংখ্যা 6,22,851 গৰাকীলৈ বৃদ্ধি হয় ৷
লগতে পঢ়ক :সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত বিস্ফোৰক সামগ্ৰীসহ সন্ত্ৰাসবাদী