ETV Bharat / bharat

ক’ভিডৰ দ্বিতীয়টো ঢৌত দেশত ৭৩০ জন চিকিৎসকৰ মৃত্যু : আই এম এ

author img

By

Published : Jun 16, 2021, 11:06 PM IST

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) প্ৰকাশ কৰা অনুসৰি ভাৰতত দৈনিক ক’ভিড 19ৰ পজিটিভ হাৰ 3.22 শতাংশলৈ হ্ৰাস পাইছে । বিগত 9 দিনত দৈনিক আক্ৰান্তৰ হাৰ ৫ শতাংশৰ তলত আছে । আনহাতে সক্ৰিয় ঘটনা 8,65,432 গৰাকীলৈ হ্ৰাস পাইছে ।

730 doctors died in COVID-19 second wave, Bihar reported maximum fatalities: IMA
ক’ভিডৰ দ্বিতীয়টো ঢৌত দেশত ৭৩০ জন চিকিৎসকৰ মৃত্যু : আই এম এ

নেশ্যনেল ডেস্ক , 16 জুন : ভাৰতত ক’ভিড (Covid 19)ৰ দ্বিতীয়টো ঢৌত প্ৰায় ৭৩০ জন চিকিৎসকৰ মৃত্যু হৈছিল ৷ বিহাৰত সৰ্বাধিক 115 চিকিৎসকৰ মৃত্যু হৈছিল ৷ ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনে (IMA) বুধবাৰে প্ৰকাশ কৰে এই কথা ৷

ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনে প্ৰকাশ কৰা তথ্য অনুসৰি, বিহাৰৰ পিছত দিল্লীত 109 গৰাকী, উত্তৰ প্ৰদেশত 79 গৰাকী, মহাৰাষ্ট্ৰত ২৩ গৰাকী আৰু ওড়িশাত 31 গৰাকী চিকিৎসকৰ মৃত্যু হৈছিল । আনহাতে দক্ষিণৰ ৰাজ্যসমূহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশত 38 গৰাকী, তেলেংগানাত 37 গৰাকী, কৰ্ণাটকত 9 গৰাকী, কেৰালাত 24 গৰাকী চিকিৎসকৰ মৃত্যু হয় ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) বুধবাৰে প্ৰকাশ কৰা অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত 62,224 গৰাকী লোক নতুনকৈ ক’ভিড 19 (Covid 19)ত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 2,542 গৰাকীৰ ৷ মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) উল্লেখ কৰা অনুসৰি, দৈনিক পজিটিভ হাৰ 3.22 শতাংশলৈ হ্ৰাস পাইছে ।

বিগত 9 দিনত দৈনিক আক্ৰান্তৰ হাৰ ৫ শতাংশৰ তলত আছে । আনহাতে, সক্ৰিয় ঘটনা 8,65,432 গৰাকীলৈ হ্ৰাস পাইছে । আক্ৰান্ত লোকৰ এই সংখ্যা ৭০ দিনত প্ৰথমবাৰৰ বাবে ৯ লাখলৈ হ্ৰাস পাইছে ।

বৰ্তমান দেশত ক’ভিড 19 আৰোগ্য হোৱা লোকৰ হাৰ 95.80 শতাংশলৈ উন্নীত হৈছে । ইয়াৰ লগতে আক্ৰান্তৰ সংখ্যা 2,96,33,105 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 3,79,573 লৈ বৃদ্ধি পাইছে । তদুপৰি বিগত 24 ঘণ্টাত 1,07,628 গৰাকী আৰোগ্য হৈছে ৷ ইয়াৰ লগতে আৰোগ্য হোৱা লোকৰ সংখ্যা 2,83,88,100 গৰাকীলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ ভূমি ক্ৰয় কেলেংকাৰীৰ বাবে দেশবাসী লজ্জিত:ডি কে শিৱকুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.