ETV Bharat / bharat

উত্তৰ প্ৰদেশত ধৰ্ষণৰ বলি হৈ মৃত্যু সাতমহীয়া অন্তঃসত্বা নাবালিকা

ধৰ্ষণৰ বলি হৈ মৃত্যু মুখত পৰে উত্তৰ প্ৰদেশত সাতমহীয়া অন্তঃসত্বা এগৰাকী নাবালিকা ৷ শনিবাৰে অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু মুখত পৰে নাবালিকা গৰাকী ৷

author img

By

Published : Jan 10, 2021, 9:47 PM IST

উত্তৰ প্ৰদেশত ধৰ্ষণৰ বলি হৈ মৃত্যু সাতমহীয়া অন্ত:সত্বা নাবালিকা

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী: উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ ধৰ্ষণৰ বলি হৈ মৃত্যু মুখত পৰে এগৰাকী নাবালিকা ৷ শনিবাৰে উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল নাবালিকা গৰাকীক ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতহে গম পাই যে নাবালিকা গৰাকী সাতমাহৰ গৰ্ভৱতী আছিল ৷ চিকিৎসালয়খনৰ চিকিৎসক আৰ.কে গুপ্তাই জনোৱা মতে, চিকিৎসালয়ত ভৰ্তি কৰোৱা সময়ত নাবালিকা গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক আছিল ৷ কিন্তু বহু চেষ্টা কৰিছিল যদিও চিকিৎসকে বচাব নোৱাৰিলে ৷

ইফালে, নাবালিকা গৰাকীৰ পিতৃয়ে জনোৱা মতে, বানবৰী লাল নামৰ লোকজনে বাৰে বাৰে ভয় ভাবুকি দি ধৰ্ষণ কৰি আহিছিল, যাৰ ফলত অন্তঃসত্বা হয় নাবালিকা গৰাকী ৷ শনিবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও নাবালিকা গৰাকীৰ মৃত্যু হয় ৷

ইয়াৰ লগে লগে জিলাখনৰ আৰক্ষী অধীক্ষক ৰোহিত সিং সজ্জৱানে কয় যে, ঘটনা সন্দৰ্ভত Protection of Children from Sexual Offences (POCSO)ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷ ইতিমধ্যে অভিযুক্ত বানবৰী লালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নাবালিকা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: মাওবাদীৰ ভয়ত ঘৰ এৰিলে ৩টা পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.