ETV Bharat / bharat

Delhi Murder Case: শ্বাহবাদ ডেইৰী হত্যাকাণ্ডৰ লগত সাঙোৰ খাইছে 7 টা চৰিত্ৰ

author img

By

Published : May 31, 2023, 8:30 PM IST

দিল্লীৰ শ্বাহবাদ অঞ্চলৰ এটা ব্যস্ত ৰাজপথত জনসমাগমৰ মাজতে এক বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল (Horrifying Murder in Delhi)৷ বুধবাৰে এই হত্যাকাণ্ডৰ লগত 7 গৰাকীৰ নাম সাঙোৰ খাইছে ৷ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰা অনুসৰি কিশোৰীগৰাকীৰ প্ৰাক্তন প্ৰেমিকৰ লগত ঘনিষ্ঠতা বৃদ্ধি হোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছিল ৷

7 important characters came to investigation
শ্বাহবাদ ডেইৰী হত্যাকাণ্ডৰ লগত সাঙোৰ খাইছে 7 টা চৰিত্ৰ

নিউজ ডেস্ক, 31 মে’: যোৱা 28 মে’ত দিল্লীৰ শ্বাহবাদ অঞ্চলৰ এটা ব্যস্ত ৰাজপথত জনসমাগমৰ মাজতে এক বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল (Horrifying Murder in Delhi)৷ দেওবাৰে নিশা ৰাজধানী চহৰ দিল্লীৰ এটা ব্যস্ত গলীত প্ৰেমিকে নিজ প্ৰেমিকাক উপৰ্যুপৰি প্ৰায় 20 বাৰতকৈও অধিক ছুৰীৰে আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি শিলেৰে থেতেলিয়াই হত্যা কৰে ৷

এই শিহৰণকাৰী সমগ্ৰ ঘটনা বন্দী হৈছিল চিচিটিভি কেমেৰাত (Minor girl stabbed over 20 times)৷ নাবালিকা প্ৰেমিকাগৰাকীয়ে তেওঁৰ বন্ধুৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টীলৈ যাওঁতে ছাহিলে আগভেটি ধৰি হাতত থকা এখন ছুৰীৰে অতৰ্কিতে কিশোৰীগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে (Girl brutally murdered in Delhi by boyfriend) ৷ ছাহিলে এবাৰ দুবাৰেই নহয় প্ৰায় 20 বাৰতকৈও অধিক কিশোৰীগৰাকীক উপৰ্যুপৰি ছুৰীৰে আঘাত কৰে ৷ ইয়াৰ পিচতে ছাহিলে পথৰ কাষতে থকা এটা শিল উঠাই কিশোৰীগৰাকীৰ মূৰত প্ৰহাৰ কৰে (Delhi Murder case update)৷

বুধবাৰে এই হত্যাকাণ্ডৰ লগত 7 গৰাকীৰ নাম সাঙোৰ খাইছে ৷ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰা অনুসৰি কিশোৰীগৰাকীৰ প্ৰাক্তন প্ৰেমিকৰ লগত ঘনিষ্ঠতা বৃদ্ধি হোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছিল ৷ যদিও এতিয়ালৈ পোহৰলৈ অহা নাই প্ৰকৃত সত্য ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ছাহিলে বাৰে বাৰে নিজ মন্তব্য সলনি কৰি আহিছে ৷

ইতিমধ্যে দিল্লী আৰক্ষীয়ে বুধবাৰে পুৱা 4 বজাত শ্বাহবাদ ডেইৰী অঞ্চলত উপস্থিত হৈ ঘটনাস্থলীত হত্যা কৰা ছুৰীখন বিচাৰে যদিও এতিয়ালৈ আৰক্ষীয়ে ছুৰীখন বিচাৰি পাবলৈ সক্ষম হোৱা নাই ৷ অভিযুক্ত ছাহিলক শাস্তি দিয়াৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰমাণ । ইফালে ছাহিলে প্ৰথমে হৰিদ্বাৰৰ পৰা ছুৰীখন ক্ৰয় কৰা বুলি কয় যদিও পিচমুহূৰ্ততে দিল্লীৰ পৰা ক্ৰয় কৰা বুলি ভাষ্য সলনি কৰে ৷ ইয়াৰোপৰি কোনোসময়তে ছাহিলে হত্যা কৰা ছুৰীখন ৰিথালাৰ উদ্যানত দলিয়াইছিল বুলি কোৱাৰ পিচত কোনোবা সময়ত শ্বাহবাদ ডেইৰী অঞ্চলৰ জংঘলত পেলোৱা বুলি আৰক্ষীৰ সন্মুখত ভাষ্য প্ৰদান কৰে ৷

এই হত্যাকাণ্ডৰ ঘটনাৰ লগত 7 টা চৰিত্ৰ পোহৰলৈ আহিছে (7 important characters came to investigation)৷

চৰিত্ৰকেইটা হৈছে-

ছাহিলঃ এই হত্যাকাণ্ডত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য চৰিত্ৰ ছাহিল । নাবালিকাগৰাকীৰ প্ৰেমিক ছাহিলে নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰিছিল ৷

প্ৰবীণঃ প্ৰবীণ মৃত নাবালিকাগৰাকীৰ প্ৰাক্তন প্ৰেমিক আছিল ৷ নাবালিকাগৰাকী হাতত প্ৰবীণৰ নামৰ এটা টাটু আছিল ৷ এই ঘটনাটোৰ কেইদিনমানৰ পূৰ্বে উত্তৰ প্ৰদেশৰ জৌনপুৰত থকা তেওঁৰ গাঁৱত আছিল। প্ৰবীণৰ সৈতে বিচ্ছেদ হোৱাৰ পিচত কিশোৰীগৰাতী ছাহিলৰ সংস্পৰ্শলৈ আহিছিল। কিন্তু কেইমাহমান পূৰ্বে কিশোৰীগৰাকীৰ প্ৰবীণৰ সৈতে পুনৰ কথা বতৰা আৰম্ভ হৈছিল। এইকাণ্ড গম পাই ছাহিলৰ খং উঠিছিল, প্ৰেমিকাৰ লগত ছাহিলৰ বহুবাৰ কাজিয়াও হৈছিল ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰবীণক সোধা-পোছাৰ বাবে দিল্লীলৈ মাতিছে।

নীতুঃ নীতু কিশোৰীগৰাকীৰ অতি ঘনিষ্ঠ বান্ধৱী ৷ যোৱা 15 দিন ধৰি কিশোৰীগৰাকীয়ে শ্বাহবাদৰ ডেইৰী অঞ্চলত থকা নীতুৰ বাসগৃহত বাস কৰি আছিল। নীতুৰ স্বামী বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে । তেঁওৰ দুটা সন্তান আছে ৷ কিশোৰীগৰাকীয়ে সন্তান দুটাক পঢ়াবলৈ নীতিৰ ঘৰত বাস কৰিছিল ৷ আৰক্ষীৰ অনুসন্ধানত এইটোও প্ৰকাশ পাইছে যে যেতিয়া কিশোৰীগৰাকী প্ৰবীণক লৈ ছাহিলৰ সৈতে কাজিয়া কৰিছিল তেতিয়া নীতুও উপস্থিত আছিল।

আৰক্ষীয়ে সন্দেহ কৰিছে যে নীতুৱে ভুক্তভোগী আৰু ছাহিলৰ বন্ধুত্ব আৰু অসন্তুষ্টিৰ বিষয়ে সকলো জ্ঞাত । সেয়েহে, আৰক্ষীয়ে নীতুকো জেৰা কৰিবলৈ মাতি নিয়ে । ঘটনাটোৰ দিনা নীতুৰ কন্যাৰ জন্মদিন আছিল। কিশোৰীগৰাকীকে জন্মদিনৰ প্ৰস্তুতিৰ বাবে বজাৰলৈ গৈছিল। ইয়াৰ পিচত কিশোৰীগৰাকীয়ে তেওঁৰ বান্ধৱী ভাৱনাক মাতিবলৈ তেওঁৰ ঘৰলৈ গৈছিল ৷ কিশোৰীগৰাকীয়ে ভাৱনাৰ ঘৰৰ বাহিৰত অপেক্ষা কৰি থাকোঁতেই ছাহিলে এই ঘটনা সংঘটিত কৰে ৷

আৰতি: আৰতি কিশোৰীগৰাকী বান্ধৱী ৷ হত্যাৰ পূৰ্বে আৰতিয়ে কিশোৰীগৰাকীক বজাৰত লগ পাইছিল ৷ আৰতিয়ে আৰক্ষীয়ে জনাই যে কিশোৰীগৰাকীক তেওঁক ছাহিলে অনুসৰণ কৰা বুলি কৈছিল ৷ এই ঘটনাই কিশোৰীগৰাকীক ভয়াৰ্ত কৰি তুলিছিল বুলি আৰতিক কৈছিল কিশোৰীগৰাকীয়ে ৷

আকাশঃ আকাশ ছাহিলৰ বন্ধু। এটা চিচিটিভি ফুটেজত, আকাশক কিশোৰীগৰাকীক হত্যাৰ অলপ আগতে ঘটনাস্থলীত ছাহিলৰ সৈতে থিয় হৈ থকা দেখা গৈছে। ছাহিলে কিশোৰীগৰাকীৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত আকাশো লগত আছিল । আৰক্ষীয়ে বৰ্তমান আকাশক জেৰা কৰি সুধিছিল যে ছাহিলে সেইদিনা কিশোৰীগৰাকীক হত্যা কৰিবলৈ অহাৰ কথা আকাশে জানিছিল নেকি? আকাশো এই ষড়যন্ত্ৰত জড়িত আছিল নেকি? আকাশে ভুক্তভোগীজনক চিনি পাইনে নে নাই সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে ৷

ঝাব্ৰুঃ শ্বাহবাদ ডেইৰী জে জে কলনীৰ বাসিন্দা ঝাব্ৰু কিশোৰীগৰাকীৰ বন্ধু । তেওঁ অঞ্চলটোৰ এগৰাকী জনপ্ৰিয় লোকৰ মাজৰে এগৰাকী আছিল । কেইদিনমানৰ বাবে কিশোৰীগৰাকীয়ে ঝাব্ৰুৰ সৈতে সম্পৰ্কত আছিল। ছাহিলে আৰক্ষীক কৈছিল যে কেইদিনমান পূৰ্বে ঝাব্ৰুৱে ছাহিলক কিশোৰীগৰাকীৰ জীৱনৰ পৰা আঁতৰি যাবলৈ ভাবুকি দিছিল নহ’লে ছাহিলক হত্যা কৰিব ৷ সম্প্ৰতি আৰক্ষীয়ে সত্যতা নিৰূপণ কৰিবলৈ ঝাব্ৰুকো জেৰা কৰি আছে।

লগতে পঢ়ক: Horryfying Murder: ব্যস্ত ৰাজপথত প্ৰেমিকাক ছুৰীৰে হানি হত্যা প্ৰেমিকৰ; নীৰৱ দৰ্শক হৈ ৰ’ল বহুকেইজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.