ETV Bharat / bharat

Amarnath Yatra:অমৰনাথ যাত্ৰাত মৃতকৰ সংখ্য়া ৪৯ গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jul 16, 2022, 2:13 PM IST

অমৰনাথ যাত্ৰাত আকৌ অঘটন (Amarnath Yatra 2022)। কেইদিনমান পূৰ্বে ডাৱৰ বিষ্ফোৰণত কেইবাগৰাকী তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ পিছত যোৱা ৩৬ ঘণ্টাত অমৰনাথ যাত্ৰাৰ সময়ত প্ৰাকৃতিক কাৰণত ছয়গৰাকী তীৰ্থযাত্ৰী আৰু এজন পনি চালকৰ মৃত্যু হয় । ফলত চলিত অমৰনাথ তীৰ্থযাত্ৰাত সামগ্ৰিক মৃত্যুৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি পালে ।

y
Amarnath Yatra:অমৰনাথ যাত্ৰাত মৃতকৰ সংখ্য়া ৪৯ গৰাকীলৈ বৃদ্ধি

নেচনেল ডেস্ক,১৬ জুলাই: অমৰনাথ যাত্ৰাত আকৌ অঘটন (Amarnath Yatra 2022)। কেইদিনমান পূৰ্বে ডাৱৰ বিষ্ফোৰণত কেইবাগৰাকী তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ পিছত যোৱা ৩৬ ঘণ্টাত অমৰনাথ যাত্ৰাৰ সময়ত প্ৰাকৃতিক কাৰণত ছয়গৰাকী তীৰ্থযাত্ৰী আৰু এজন পনি চালকৰ মৃত্যু হয়। ফলত চলিত অমৰনাথ তীৰ্থযাত্ৰাত সামগ্ৰিক মৃত্যুৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি পালে ।

এই বিষয়ে শনিবাৰে সদৰি কৰিছে অমৰনাথ যাত্ৰাৰে জড়িত এগৰাকী বিষয়াই (Amarnath Yatra 2022s death tally increases to 49)। মৃত্যুৰ এই তালিকাত যোৱা ৮ জুলাইৰ আকস্মিক বানত প্ৰাণ হেৰুওৱা ১৫ গৰাকী যাত্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য় যে এই বছৰৰ অমৰনাথ যাত্ৰা যোৱা 30 জুনত আৰম্ভ হৈছে । এই তীৰ্থযাত্ৰাৰ সময়ত 47 গৰাকী যাত্ৰী আৰু দুজন পনি চালকে প্ৰাণ হেৰুৱাইছে । পহেলগামত ঘোঁৰাৰ পৰা গভীৰ খাদত পৰি যোৱাত এজন পনি চালকৰ মৃত্যু হৈছিল । আনহাতে, গুহা মন্দিৰৰ ওচৰত যোৱা ৮ জুলাইত হোৱা আকস্মিক বানপানীত ১৫ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল । তদুপৰি উক্ত ঘটনাত ৫৫ গৰাকী লোক আহত হৈছিল । সূত্ৰ অনুসৰি এইবাৰ ১.৫ লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে এতিয়ালৈকে গুহা মন্দিৰ দৰ্শন কৰিছে ।

লগতে পঢ়ক:Under construction house collapsed: দিল্লীত নিৰ্মীয়মান গুদামঘৰ খহি নিহত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.