ETV Bharat / bharat

মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত মৃত্যু ১২ গৰাকী ক'ভিড ৰোগীৰ

মধ্য প্ৰদেশৰ শ্বাহডোল মেডিকেল কলেজত অক্সিজেনৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে ৷ অভিযোগ অনুসৰি হাস্পতালখনত অক্সিজেনৰ অভাৱত প্ৰায় ১২ গৰাকীকৈ ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে । হাস্পতালখনৰ ডীনৰ মতে অক্সিজেনৰ নিম্ন চাপৰ ফলত ৬ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু হৈছে ।

author img

By

Published : Apr 18, 2021, 5:12 PM IST

মধ্যপ্ৰদেশৰ শ্বাহডোলত অক্সিজেনৰ অভাৱত মৃত্যু ১২ গৰাকী ক'ভিড ৰোগীৰ

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল: মহামাৰী পৰিস্থিতিয়ে দেশৰ কেইবাখনো ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । তাৰ ভিতৰত গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী, মধ্যপ্ৰদেশ আদি শীৰ্ষত আছে । ক'ভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ এতিয়া বহু হাস্পতালত । মধ্য প্ৰদেশৰ শ্বাহডোল মেডিকেল কলেজত অক্সিজেনৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে ৷ অভিযোগ অনুসৰি হাস্পতালখনত অক্সিজেনৰ অভাৱত প্ৰায় ১২ গৰাকীকৈ ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ।

অৱশ্যে হাস্পতালখনৰ এডিএম অৰ্পিত বাৰ্মাই জনোৱা মতে অক্সিজেন চিলিণ্ডাৰৰ নাটনি হোৱা নাই হাস্পতালখনত । তেওঁৰ মতে যিহেতু ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে, সেয়ে মেডিকেলত যোগান ধৰা অক্সিজেনৰ নিম্ন চাপৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । হাস্পতালখনৰ ডীনৰ মতে হাস্পতালখনত যোগান ধৰা অক্সিজেনৰ নিম্ন চাপৰ ফলত ৬ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু হৈছে ।

তেওঁৰ মতে হাস্পতালখনৰ ক'ভিড চেণ্টাৰৰ আইচিইউত ৬৫ গৰাকী ৰোগী ভৰ্তি হৈ আছিল আৰু তৰল অক্সিজেনৰ নিম্নচাপৰ বাবে নিশা ৰোগী কেইগৰাকীৰ মৃত্যু হৈছে । আনহাতে বাকী কেইজন ৰোগী সুৰক্ষিত বুলি অৱগত কৰে বিষয়া গৰাকীয়ে । তেওঁ জানিবলৈ দিয়া মতে ইতিমধ্যে বিশেষজ্ঞৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

তেওঁৰ মতে শনিবাৰৰ পৰাই তৰল অক্সিজেনৰ যোগান সীমিত আছিল । যোগানকাৰী প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও তৰল অক্সিজেনৰ বাহন হাস্পতাল আহি পোৱা নাছিল, যাৰ বাবে অক্সিজেনৰ চাপ কমি গৈছিল । ইফালে হাস্পতাল কৰ্তৃপক্ষৰ মতে কিছুদিনৰ পৰা হাস্পতালখনলৈ অক্সিজেনৰ যোগান অতি কম হৈছে ।

জানিব পৰা মতে, হাস্পতাল চৌহদত থকা প্ৰকল্পটোত প্ৰতিদিনে ১০ কিল’লিটাৰ অক্সিজেন সঞ্চয় কৰিব পৰা যায় । বিষয়াগৰাকীৰ মতে আন ৰাজ্যৰ পৰাও তৰল অক্সিজেন অনা হয় । হাস্পতালত ৬২ খন আইচিইউ যুক্ত বিচনা আছে ৷ য'ত সংকটজনক ক'ভিড ৰোগীক ৰখা হয় ।

ইফালে এই ঘটনাৰ পিছতে বিভিন্ন মহলত অক্সিজেনৰ নাটনিক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । মধ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে চৰকাৰক সমালোচনা কৰাৰ লগতে আৰু কিমান দিনলৈ এনেদৰে অক্সিজেনৰ অভাৱত ৰোগীৰ মৃ্ত্যু হৈ থাকিব বুলিও প্ৰশ্ন কৰে । শ্বাহডোলৰ ঘটনাক ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ তোলে নেতাগৰাকীয়ে ।

ৰাজ্যখনৰ স্বাস্থ্য বুলেটিন অনুসৰি শনিবাৰে শ্বাহডোলত ভাইৰেল সংক্ৰমণৰ ১৪২ টা নতুন ঘটনা ধৰা পৰিছে, যাৰ ফলত জিলাখনত মুঠ ঘটনাৰ সংখ্যা ৪,৫২৮ গৰাকীলৈ বৃদ্ধি হৈছে । শনিবাৰৰ পূৰ্বে জিলাখনত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৩০ গৰাকী লোকৰ ।

লগতে পঢ়ক: দিল্লীৰ হাস্পতালত আইচিইউ বিচনাৰ নাটনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.