ETV Bharat / bharat

ওড়িশাত প্ৰচণ্ড বৃষ্টিপাতত ৬ জন লোকৰ মৃত্যু - মহানদী আৰু জলকা নদীৰ জলস্তৰ বৃদ্ধি

ওড়িশা(Odisha)ত ধাৰাসাৰ বৰষুণ অব্যাহত । প্ৰচণ্ড বৃষ্টিপাত(Rain)ৰ ফলত প্ৰাণ হেৰুৱালে ৬ জন লোকে । বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনৰ ২৩ লাখৰো অধিক লোক ।

Heavy rain in Odisha
ওড়িশাত প্ৰচণ্ড বৃষ্টিপাতত ৬ জন লোকৰ মৃত্যু
author img

By

Published : Sep 16, 2021, 11:05 AM IST

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : অধিক জটিল হৈ পৰিছে ওড়িশা(Odisha)ৰ শেহতীয়া পৰিস্থিতি । নেৰানেপেৰা বৰষুণে বিপৰ্যস্ত কৰিছে স্বাভাৱিক জনজীৱন । বুধবাৰে সন্ধিয়া পৰ্যন্ত ৰাজ্যখনত বৃষ্টিপাত(Rain)ৰ ফলত ৬ জন লোকে প্ৰাণ হেৰুৱায় । বিশেষ সাহায্য আয়ুক্ত(Special Relief Commissioner)ৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি, বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত যোৱা ৪৮ ঘণ্টাত ৰাজ্যখনৰ অধিকাংশ অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে ।

প্ৰবল বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ ২৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । বুধবাৰে এক বিবৃতি প্ৰকাশ কৰি বিশেষ সাহায্য আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ কেন্দ্ৰপাৰা জিলাত দেৱাল খহি পৰাত ৩ জন লোকৰ মৃত্যু হয় ।

আনহাতে, খোৰধা জিলাতো এজন লোকৰ সলিল সমাধি ঘটে । গঞ্জাম আৰু সুবৰ্ণপুৰত আন দুজন লোকৰ মৃত্যু হৈছে ধাৰাসাৰ বৰষুণৰ ফলত ৷ তদুপৰি এতিয়াও সন্ধানহীন হৈ আছে দুজন লোক ৷ বালাচোৰ, ভদ্ৰক আৰু কেন্দ্ৰপাড়া জিলাত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ ৫টা দল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দুটা দল মোতায়েন কৰা হৈছে ।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে, ২৪ খন জিলাৰ ১৩৯ টা খণ্ডত ৪,৯৬৪ খন গাঁৱত মুঠ ২৩,৮২,৭৯৫ জন লোক ক্ষতিগ্ৰস্ত হৈছে । বৃষ্টিপাতৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাবোৰ হৈছে অনুগুল, বৰাগড়, বালাচোৰ, বৌধা, কটক, দেওগড়, ঢেংকানাল, জগত সিং পুৰ, জাজপুৰ, গঞ্জাম, কালাহাণ্ডি, কেন্দ্ৰপাড়া, কেওনঝাৰ, খোৰধা, কোৰাপুট, নয়গড়, নুয়াপাড়া, পুৰী, সুবৰ্ণপুৰ, ময়ূৰভন, নয়াগড়, নয়াগুড়া আৰু নুৱাৰ্চপাড়া ।

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, বৰষুণৰ ফলত মহানদী আৰু জলকা নদীৰ জলস্তৰ বিভিন্ন ঠাইত বৃদ্ধি হৈছে । উল্লেখ্য যে, সোমবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই ওড়িশাত ১৭ ছেপ্তেম্বৰৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছিল ।

লগতে পঢ়ক: SCO সন্মিলনত ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.