নেশ্য়নেল ডেস্ক, ৮ ফেব্ৰুৱাৰী: উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত অঘটন (Died due to suspected suffocation at Kralpora)। জিলাখনৰ ক্ৰলপোৰাৰ এটা পৰিয়ালত এই ঘটনাটো সংঘটিত হৈছে । ক্ৰলপোৰাত অস্থায়ীভাৱে থকা এই পৰিয়ালটোৰ পাঁচজন সদস্যৰ মঙলবাৰে আৰু বুধবাৰে নিশা শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । এই ৰহস্য়জনক ঘটনাটোক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে ।
উল্লেখ্য় যে ক্ৰলপোৰাত এটা ভাড়াঘৰত বসবাস কৰি আছিল বিজনৌৰ উত্তৰ প্ৰদেশৰ বাসিন্দা মজিদ আনছাৰীৰ পৰিয়ালটোৱে (Tragic incident at Kralpora in north Kashmir)। এই পৰিয়ালটোৰ সকলো সদস্য়কেই অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি কয় ক্ৰলপোৰাৰ বিএমঅই । স্থানীয় ৰাইজে এই বিষয়ে জানিব পৰা নাছিল । এই পৰিয়ালটোৰ সদস্য়সকলক দুদিন ধৰি দেখা নোপোৱাত ওচৰচুবুৰীয়াৰ সন্দেহ ওপজে । ইয়াৰ মাজতেই স্থানীয় ৰাইজে তেওঁলোকৰ ঘৰত উপস্থিত হোৱাত এই বিষয়ে জানিব পাৰে ।
ক্ৰলপোৰাৰ বিএমঅই উল্লেখ কৰি পুনৰ কয় যে এজন স্থানীয় লোকে চিকিৎসকক এই বিষয়ে অৱগত কৰি তেওঁৰ পৰা সহায় বিচাৰিছিল । কিন্তু ইয়াৰ পিছতেই চিকিৎসক তেওঁলোকৰ ঘৰত উপস্থিত হয় । চিকিৎসকে পৰীক্ষা কৰাৰ পিছত মজিদ আনছাৰীৰ পৰিয়ালটোৰ সদস্যসকলক চিকিৎসকে মৃত ঘোষণা কৰে । মৃতসকলৰ ভিতৰত আছে আহমেদ হুছেইনৰ পুত্ৰ মজিদ আনছাৰী (৩৫), তেওঁৰ পত্নী সোহানা খাতুন (৩০) আৰু তেওঁলোকৰ সন্তান ফাইজান আনছাৰী (৪), আবু জাৰ (৩) আৰু সদ্য়োজাত এটি সন্তান ।
পৰিয়ালৰ সদস্যসকলৰ মৃত্যু নিশ্চিত কৰা ক্ৰলপোৰাৰ বিএমঅই এইটো শ্বাসৰুদ্ধ হোৱাৰ সম্ভাৱ্য ঘটনা হ'ব পাৰে বুলি মন্তব্য় কৰিছে (BMO Kralpora)। ক্ৰলপোৰাৰ বিএমঅই কয় যে স্বাস্থ্য কেন্দ্ৰত মৰণোত্তৰ পৰীক্ষাৰ পিছত প্ৰকৃত কাৰণ জানিব পৰাটো সম্ভৱ । প্ৰদূষণজনিত কাৰণত নে আন কোনো কাৰণত এই ঘটনাটো সংঘটিত হৈছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । ইতিমধ্য়ে স্থানীয় আৰক্ষীয়ে এই ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।