ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত পুনৰ বঢ়াই দিয়া হ'ল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা - 2G স্পিডতেই জম্মু কাশ্মীৰত চলি থাকিব ইন্টাৰনেট সেৱা

2021 চনৰ 8 জানুৱাৰী লৈকে জম্মু কাশ্মীৰত বাহাল থাকিব ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৷ 2G স্পীডতেই জম্মু কাশ্মীৰত চলি থাকিব ইন্টাৰনেট সেৱা ৷ বিগত বৰ্ষত ধাৰা 370 ৰ বাতিল কৰাৰ পাছত জম্মু আৰু কাশ্মীৰত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল ৷

Internet ban in Jammu and Kashmir
জম্মু আৰু কাশ্মীৰত পুনৰ বঢ়াই দিয়া হ'ল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা
author img

By

Published : Dec 26, 2020, 1:50 PM IST

নেচনেল ডেস্ক, 26 ডিচেম্বৰ : 2021 ৰ জানুৱাৰীৰ 8 তাৰিখলৈকে জম্মু আৰু কাশ্মীৰত ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা বঢ়াই দিয়া হৈছে ৷ শুকুৰবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা এক নিৰ্দেশত এই কথা জনোৱা হয় ৷ অৱশ্যে গেন্দাৰবেল আৰু উধমপুৰত ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে ৷

জম্মু আৰু কাশ্মীৰ চৰকাৰৰ ফালৰ পৰা দিয়া এক বিবৃতিত কোৱা হৈছে যে , "গেন্দাৰবেল আৰু উধমপুৰৰ জিলাৰ বাদে জম্মু আৰু কাশ্মীৰত ইন্টাৰনেট সেৱা 2G স্পীডতেই চলি থাকিব ৷ কেৱল গেন্দাৰবেল আৰু উধমপুৰত ইন্টাৰনেট স্পীডৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নথকাকৈ সেৱা আগবঢ়াই থকা হ'ব ৷"

বিবৃতিটোত লগতে এইবুলিও কোৱা হৈছে যে 26 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব লগীয়া এই নিৰ্দেশ পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত 2021 চনৰ 8 জানুৱাৰী লৈকে বাহাল থাকিব ৷

বিগত বৰ্ষত 5 আগষ্ট তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জম্মু আৰু কাশ্মীৰত ধাৰা 370 বাতিল কৰাৰ পাছতে সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসিত অঞ্চলটোত মবাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল ৷

লগতে পঢ়ক:কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃ সীতাৰাম য়েচুৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.