ETV Bharat / bharat

মিজোৰামত 48 লাখ টকা মুল্যৰ হেৰ'ইন জব্দ

author img

By

Published : Jan 19, 2021, 10:07 PM IST

মিজোৰামৰ ছামপাই জিলাৰ জ‘ট গাঁৱত অসম ৰাইফলচৰ 8নং বেটালিয়ন আৰু মিজোৰামৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগৰ যুটীয়া অভিযানত জব্দ 122 গ্ৰাম হেৰ‘ইন ৷ জব্দকৃত হেৰ‘ইনখিনিৰ মুল্য 48 লাখ টকা হ‘ব বুলি জানিব পৰা গৈছে ৷

48 lakhs worth of Heroin seized in Mizoram
মিজোৰামত 48 লাখ টকা মুল্যৰ হেৰ'ইন জব্দ

আইজল, 19 জানুৱাৰী : মিজোৰামত অসম ৰাইফলচৰ 8নং বেটালিয়ন আৰু মিজোৰামৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগে এক যুটীয়া অভিযান চলাই জব্দ কৰে 122 গ্ৰাম হেৰ‘ইন ৷ মিজোৰামৰ ছামপাই জিলাৰ জ‘ট গাঁৱৰ পৰা সোমবাৰে জব্দ কৰা হয় নিচাজাতীয় সামগ্ৰীখিনি ৷ জব্দকৃত হেৰ‘ইনখিনিৰ মুল্য 48 লাখ টকা হ‘ব বুলি জানিব পৰা গৈছে ৷

জব্দকৃত হেৰ‘ইনখিনিৰ লগতে অভিযানকাৰী দলটোৱে এগৰাকী 30 বছৰীয়া মহিলা সৰবৰাহকাৰীকো আটক কৰিছে ৷ আটকাধীন মহিলাগৰাকীৰ ঘৰ ম্যানমাৰৰ বুকফিৰত ৷

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা মিজোৰামৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৰোধ কৰিবলৈ বিভিন্ন সময়ত অভিযান অব্যাহত ৰাখিছে ৷ ইফালে অসম ৰাইফলচেও সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ ভয়াৱহতা সন্দৰ্ভত যুৱচামৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰি আহিছে ৷

লগতে পঢ়ক: প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.