ETV Bharat / bharat

চলিত বৰ্ষত বিহাৰত কৰ’ণাত আক্ৰান্ত হৈ 40 গৰাকী নাৰ্চৰ মৃত্যু

author img

By

Published : May 13, 2021, 12:28 PM IST

বিহাৰ চিকিৎসা আৰু স্বাস্থ্য কৰ্মচাৰী সংস্থাই জনোৱা মতে, চলিত বৰ্ষত বৰ্তমানলৈকে ৰাজ্যখনৰ ভিন্ন চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত কৰ’ণাত আক্ৰান্ত হৈ 40 গৰাকীকৈ নাৰ্চৰ মৃত্যু হৈছে ।

Bihar nurses death
বিহাৰত নাৰ্চৰ মৃত্যু

নেশ্যনেল ডেস্ক,13 মে’ : বিহাৰ চিকিৎসা আৰু স্বাস্থ্য কৰ্মচাৰী সংস্থাই বুধবাৰে কয় যে, কৰ’ণাৰ দ্বিতীয় প্ৰবাহৰ সংক্ৰমণৰ ফলত বিহাৰত বৰ্তমানলৈকে আক্ৰান্ত হৈ 40 গৰাকী নাৰ্চৰ মৃত্যু ঘটে ৷ প্ৰয়োজনীয় প্ৰাথমিক সুবিধাৰ অভাৱৰ বাবে নাৰ্চ কেইগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

সংস্থাটোৰ সাধাৰণ সম্পাদক বিশ্বনাথ সিঙে কয় যে, ক’ভিড প্ৰট’কল অনুসৰি স্বাস্থ্য বিভাগে তিনিটা সময়সূচী অনুযায়ী নাৰ্চসকলক সেৱা প্ৰদানৰ নিৰ্দেশ দিছিল । দুৰ্ভাগ্যবশতঃ বিভাগটোৱে চিকিৎসালয়ত কৰ্তব্যৰ সময়ত সঠিক বাসস্থান আৰু খাদ্যৰ সুবিধা প্ৰদান কৰা নাই । যাৰ ফলস্বৰূপে নাৰ্চসকলৰ ৰোগ প্ৰতিৰোধৰ স্তৰ হ্ৰাস পায় আৰু তেওঁলোক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷

লগতে তেওঁ কয় যে, বিহাৰৰ বিভিন্ন চিকিৎসালয়ত মহামাৰীৰ সময়ত 30,000 নাৰ্চ আৰু 15,000 এএনএম কৰ্মচাৰীয়ে 24 ঘণ্টা ধৰি কাম কৰি আছে । কৰ’ণাৰ দ্বিতীয় ঢৌৰ সময়ত সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পাচতে বেছিভাগ নাৰ্চ কৰ’ণাত আক্ৰান্ত হয় ৷

উল্লেখ্য যে, বুধবাৰৰ দিনটোত পাটনাত 977 গৰাকী লোক দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ কেৱল নালন্দা আৰু মুজাফ্ফৰপুৰ জিলাতেই আক্ৰান্ত হৈছে ক্ৰমে 523 আৰু 506 গৰাকীকৈ লোক ৷ বাকী 35 খন জিলাত আক্ৰান্তৰ সংখ্যা 500তকৈ কম বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : উত্তৰাখণ্ডৰ কেঞ্চীধাম মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.