নেশ্যনেল ডেস্ক, 4 আগষ্ট: বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে (Bus Accident in Bihar) ৷ বৃহস্পতিবাৰে পুৱা বিহাৰৰ গোপালগঞ্জ জিলাত এখন নৈশ যাত্ৰীবাহী বাছে ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দিয়াই দিয়ে (40 injured as bus rams into stationary truck in Bihar)৷ এই দুৰ্ঘটনাত বাছখনত থকা 40 গৰাকী যাত্ৰী আহত হয় (40 injured in bus accident) ৷
জানিব পৰামতে যাত্ৰীবাহী বাছখনত থকা যাত্ৰীসকলে ঝাৰখণ্ডৰ গুৰুগৃহলৈ শিৱ লিংগত গংগা জল আগবঢ়াবলৈ যাত্ৰা কৰিছিল ৷ বাছখনত চালক আৰু দুজন সহায়কৰ উপৰিও 56 গৰাকীৰো অধিক যাত্ৰী আছিল ৷ বাছখনৰ চালকজনৰ টোপনি অহাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই ঘটনাত বাছখনৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷
সম্প্ৰতি আহত যাত্ৰীকেইজনক গোপালগঞ্জ সদৰ চিকিৎসালয়ত ভৰ্তি কৰাোৱা হৈছে ৷ আহতসকলৰ ভিতৰত ছয়জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷
ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ যাত্ৰীসকলক সোধ পোছ আব্যাহত ৰাখিছে ৷ বাছৰ চালকজনে এতিয়ালৈ ঘটনা সন্দৰ্ভত কোনো বিবৃত্তি প্ৰকাশ কৰা নাই ৷
লগতে পঢ়ক: Road accident at Kalgachia: কলগাছিয়াৰ গুনীয়ালগুৰিত পথ দুৰ্ঘটনা