ETV Bharat / bharat

Bus rams into truck: বাছ দুৰ্ঘটনাত নিহত 7, আহত 29 - বাছ দুৰ্ঘটনা

ঘন কুঁৱলীৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত 12 ঘন্টাত সংঘটিত হয় দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুয়োটা দুৰ্ঘটনাতে দ্ৰুতবেগী যাত্ৰীবাহী বাছে খুন্দা মাৰে ট্ৰাকত ৷ আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰা হয় স্থানীয় চিকিৎসালয়ত ৷

Bus rams into truck
বাছ দুৰ্ঘটনাত নিহত ১২, আহত ৪
author img

By

Published : Jan 9, 2023, 10:21 PM IST

নিউজ ডেস্ক, 9 জানুৱাৰী: উত্তৰ প্ৰদেশৰ উন্নাওৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident in Uttar Pradesh) ৷ এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে 12 জন লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক তৎকালীনভাৱে চিকিৎসাৰ বাবে লক্ষ্ণৌ ট্ৰ’মা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় ৷ ইফালে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ উন্নাওৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত(Lucknow Agra Expressway) এখন দ্ৰুতবেগী বাছৰ লগত এখন ট্ৰাকৰ সংঘৰ্ষ হয় (Bus rams into truckc) ৷ গুজৰাটৰ ৰাজকোটৰ পৰা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাৰ পালিয়া টিকুনিয়া অভিমুখে আহিছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন ৷ কিন্তু ঘন কুঁৱলীৰ বাবে দৃশ্যমান কম হোৱাত বাছখনে ট্ৰাকখনত খুন্দা মাৰে ৷

দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত অ'ৰাছ আৰক্ষীৰ দল উপস্থিত হয় ৷ তেওঁলোকে লগে লগে উদ্ধাৰ অভিযান চলাই আহতসকলক উন্নাও জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ লগতে মৃত লোকসকলকো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে আৰক্ষীৰ দলটোৱে । আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক তৎকালীনভাৱে চিকিৎসাৰ বাবে লক্ষ্ণৌ ট্ৰ’মা চেণ্টাৰলৈ প্ৰেৰণ কৰে ।

ইফালে আন এক সূত্ৰে জানিব পৰা অনুসৰি, দ্ৰুতবেগী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইফালে এই দুৰ্ঘটনা সংঘটিত লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত ইয়াৰ পূৰ্বে দেওবাৰে নিশা আন এটা দুৰ্ঘটনা সংঘটিত হৈছিল ৷ উত্তৰ প্ৰদেশৰ কনৌজৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো (Lucknow Agra Expressway accident) ৷ এক্সপ্ৰেছৱেটোত এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিছিল এখন দ্ৰুতবেগী বাছে ৷

এই সংঘৰ্ষ ইমানেই তীব্ৰতৰ আছিল যে, বাছখনে ৰখাই থোৱা ট্ৰাকখনত খুন্দা মৰাৰ পাছত ওলোটা হৈ বাগৰি পৰে ৷ এই ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছিল আন 17 জন লোক ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, ৰাজ্যখনৰ থাথিয়া আৰক্ষী থানাৰ অন্তৰ্গত পিপ্ৰাউলি গাঁৱৰ ওচৰত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো । দিল্লীৰ পৰা লক্ষ্ণৌ অভিমুখে আহিছিল ব্যক্তিগত শ্লিপাৰ বাছখন ৷ বাছখন ওলোটা হোৱাৰ লগে লগে, যাত্ৰীসকলৰ মাজত বাহনখনৰ পৰা ওলাই আহিবলৈ হেতা ওপৰা লাগিছিল ।

লগতে পঢ়ক: Bajrang Dal activist killed: বজৰং দলৰ সদস্যৰ হত্যাক লৈ উত্তাল কৰিমগঞ্জ; লোৱাইৰপোৱাত 144 ধাৰা জাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.