ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 12, 2020, 3:07 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দেওবাৰে অনুষ্ঠিত হ'ব সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই দেওবাৰে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷ দেওবাৰে বিয়লি 3 বজাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহতে অনুষ্ঠিত হ'ব কেবিনেট বৈঠকখন ।

কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা

বিটিচিৰ ১৩ নং চিৰাং,১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ভোটগণনা কৰা হৈছে কাজলগাঁও স্থিত জিলা পেৰেড গ্ৰাউণ্ডত ৷

ৰঙাপৰাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত

এতিয়াৰে পৰা আৰু খৰস্ৰোতা জৰাসৰ নৈৰ বাঢ়নী পানীৰ বাবে শংকিত হ'ব নালাগে ৰঙাপৰাৰ চাৰিখনকৈ গাঁৱৰ ৰাইজ ৷ কিয়নো পূৰ্ণগতিত আৰম্ভ হৈছে ফুলবাৰী চাহ বাগিচা-মোলানগাঁও সংযোগী পথৰ পকী দলং নিৰ্মাণৰ কাম ৷

কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত

শনিবাৰে পুৱাই শক্তিপীঠ কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত ৷ বিগত কেইবাদিন ধৰি গুৱাহাটীৰ মালিগাঁৱত বাহৰ পাতি আছে RSS প্ৰধান গৰাকী ৷

ভোটাৰক সজাগ কৰাৰ উদ্দেশ্যে তিনিচুকীয়াত নিৰ্বাচনী বিষয়াৰ বিশেষ পদক্ষেপ

তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্তৰ নিৰ্বাচনী বিষয়া ৰশ্মি প্ৰতাপে ২০২১ ৰ নিৰ্বাচনটো নিকা কৰাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । ভোটাৰ ৰাইজৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰাৰ বাবেই এই পদক্ষেপ লৈছে নিৰ্বাচনী বিষয়াগৰাকীয়ে ।

গুৱাহাটী ৰ'পৱেত উদ্ধাৰকাৰী সেনা বাহিনী নিয়োজিত

এতিয়াৰে পৰা নিশ্চিন্ত মনে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱেত যাতায়াত কৰিব পাৰিব সকলো যাত্ৰীয়ে । ৰ'পৱেৰ বাবে সাজু কৰা হৈছে দুটাকৈ কেবিনৰ ৷

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ নতুন গীত মুকলি লুৰীণজ্যোতি গগৈৰ

আজি মুক্তি লাভ কৰে কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ কণ্ঠত 'মোক এৰিলেও তুমি, স্মৃতি থাকি যাব' শীৰ্ষক নতুন গীত। নতুন গীতটি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ।

তিৱা সাজ পৰিধান কৰি নৃত্যত মতলীয়া বিধায়িকা আঙুৰলতা ডেকা

শুকুৰবাৰে মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত তিৱা লোকসাজ পৰিধান কৰি তিৱা লোকগীত পৰিবেশন কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ নৃত্য-গীতৰ মাজেৰে 18 নং চাৰিপুনীয়া চাবুকধৰা সমষ্টি জীপাল কৰি তোলে বিধায়িকা গৰাকীয়ে ৷

মৰাণত প্ৰয়াত তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

বন্তি প্ৰজ্বলন কাৰ্যসূচীত মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ নেতা কৰ্মী সকলৰ লগতে চিৰতৰুণ তৰুণ গগৈৰ গুণমুগ্ধ সকলে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত তাই আহোমৰ প্ৰাৰ্থনা, দিহানাম আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰাৰ্থনা পৰিবেশন কৰে।

19 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব শৈক্ষিক ভাৰ্চুৱেল সন্মিলন

19 ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে 'কাউঞ্চিল ফৰ টিচাৰ এডুকেশ্বন ফাউণ্ডেচন'ৰ উদ্যোগত অনুষ্ঠিত হ'ব 34 সংখ্যক আন্তৰ্জাতিক সন্মিলন । কৰ'ণা মহামাৰীৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত হ'ব এই সন্মিলন । উপস্থিত থাকিব দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.