নিউজ ডেস্ক,৬ মাৰ্চ: শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী এখন ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি দ গাঁতত সোমাই যোৱাৰ ফলত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাতো । ফলত থিতাতে নিহত হয় ৩ জন লোক ৷ লগতে গুৰুতৰভাৱে আহত হয় ৩০ জন ৷ আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, এটা পৰিয়ালৰ লোকে এগৰাকী বৃদ্ধ মৃত ব্যক্তিৰ অস্থি গংগাত বিসৰ্জন কৰি ৰাজঘাটৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনাতো । ইফালে, দুৰ্ঘটনাতো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । দুৰ্ঘটনাত বৃদ্ধ ব্যক্তিজনৰ পুত্ৰ আৰু মহিলা নিহত হয় । সম্প্ৰতি আহতসকলক উন্নত চিকিৎসাৰ বাবে উত্তৰ প্ৰদেশৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: এছএফডিআৰৰ সফল বিমান পৰীক্ষণ ডিআৰডিঅ'ৰ