নিউজ ডেস্ক, 9 জুলাই : পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত কেবিনেট মন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী বিজয় চিংলাক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিছিল ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ এদিন পাছতেই পুনৰ শণিবাৰে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ ৩ জন বিষয়াক নিলম্বন কৰে ৷ দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰী মানে বিষয়াকেইগৰাকীক তেওঁলোকৰ পদৰ পৰা অপসাৰণ কৰে ।
নিলম্বিত বিষয়াকেইজনৰ বিৰুদ্ধে ১১ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । বিষয়াকেইজন ক্ৰমে খণ্ড উন্নয়ন আৰু পঞ্চায়ত বিষয়া (BDPO) যতিন্দ্ৰ সিং ধিলন, জ্যেষ্ঠ সহায়ক (একাউণ্ট) গুৰদীপ সিং আৰু জ্যেষ্ঠ সহকাৰী চান্দ সিং । তেওঁলোকৰ বিৰুদ্ধে পৰিকল্পনা বিভাগ আৰু মুখ্যমন্ত্ৰীৰ পুঁজিৰ বাবে সংগ্ৰহ কৰা ধন অপব্যৱহাৰ কৰাৰ অভিযোগ আছে ৷ এই গোচৰৰ তদন্ত প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পিছত তিনিওজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী মানে ব্যৱস্থা গ্ৰহণ কৰে ।
![3 Corrupt Officers Suspended By Bhagwant Mann Govt](https://etvbharatimages.akamaized.net/etvbharat/prod-images/whatsapp-image-2022-07-09-at-122232-pm_0907newsroom_1657353495_72.jpeg)
ৰোপাৰ জিলা উন্নয়ন আৰু পঞ্চায়তৰ এজন বিষয়াই বিষয়টো তদন্ত কৰি আছে। তেওঁ ঘটনাৰ তদন্ত আৰম্ভ কৰাত এই দুৰ্নীতিৰ বিষয়টো পোহৰলৈ আহে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পৰিকল্পনা পৰিষদে খণ্ড উন্নয়ন আৰু পঞ্চায়ত বিষয়াৰ কাৰ্যালয়লৈ ৭.৩৮ কোটি টকাৰ অনুমোদন জনাইছিল । খণ্ড উন্নয়ন আৰু পঞ্চায়ত বিষয়াৰ কাৰ্যালয়ে কোনো তথ্য তথা বিলৰ অবিহনে 6.5 কোটি টকা ব্যয় কৰিছিল ।
লগতে পঢ়ক : গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বান পৰিস্থিতি অৱগত কৰিলে মুখ্য়মন্ত্ৰীয়ে