ETV Bharat / bharat

ৰেমডেছিবিৰৰ ক'লা বেহা : কাণপুৰত ৩ জনক গ্ৰেপ্তাৰ

author img

By

Published : Apr 16, 2021, 1:17 PM IST

COVID-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যৱহৃত ৰেমডেছিবিৰ বেজীৰ অবৈধ বেহা চলাই আৰক্ষীৰ জালত পৰিল কাণপুৰৰ তিনিটা অবৈধ ব্যৱসায়ী । ইন্দোৰৰ বিশেষ টাস্ক ফ'ৰ্চে তিনিওকে গ্ৰেপ্তাৰ কৰে । ধৃত লোককেইজনৰ পৰা তদন্তকাৰী দলটোৱে জব্দ কৰে ১২টা ৰেমডেছিবিৰ বেজী ।

ৰেমডেছিবিৰৰ ক'লা বেহাৰে জড়িত থকাৰ অভিযোগত কাণপুৰত ৩ জনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : এফালে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ, আনফালে চলিছে মহামাৰীত আক্ৰান্তৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ক'লা বেহা । ৰেমডেছিবিৰ বেজীৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত ইন্দোৰৰ বিশেষ টাস্ক ফ'ৰ্চে গ্ৰেপ্তাৰ কৰিলে ৩ জন লোকক ।

কাণপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা এই অবৈধ ব্যৱসায়ীকেইজনৰ পৰা তদন্তকাৰী দলটোৱে COVID-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যৱহৃত ৰপ্তানি মূদ্ৰিত ১২টা ৰেমডেছিবিৰ বেজী জব্দ কৰে । ইন্দোৰ এছ টি এফৰ আৰক্ষী অধীক্ষক মনীষ খাত্ৰীয়ে কয়. যে, এজন লোকে ২০,০০০ টকা দৰত একোটাকৈ ৰেমডেছিবিৰ বেজী বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰিছিল বিশেষ টাস্ক ফ'ৰ্চে ।

এই গোপন সূত্ৰৰ পম খেদি এছ টি এফ বিষয়াসকলৰ এটা দলে অভিযান চলায় আৰু তিনি জন লোকক গ্ৰেপ্তাৰ কৰে । এছ টি এফৰ মতে, ধৃত ৰাজেশ পাতিদাৰ নামৰ লোকজন এটা ফাৰ্মা কোম্পানীৰ চিকিৎসা প্ৰতিনিধি । আনহাতে, আন এজন অভিযুক্ত হৈছে অনুৰাগ ছিছোড়িয়া আৰু তেওঁ চহৰখনত থকা এক ঔষধ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, অনুৰাগে গ্যানেশ্বৰ নামৰ তেওঁৰে এজন কৰ্মচাৰীৰ সৈতে লগ হৈ ৰেমডেছিবিৰ বেজীৰ ক'লা ব্যৱসায় আৰম্ভ কৰিছিল ।

সম্প্ৰতি আদালতে আটাইকে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে । তদন্তৰ সময়ত পোহৰলৈ আহিছিল যে, ৰেমডেছিবিৰ বেজী আন এখন ৰাজ্যৰ পৰা ক্ৰয় কৰা হৈছিল । আনকি বেজীৰ পেকেটবোৰত এম আৰ পিৰ তথ্যও নাছিল । ইয়াৰ পূৰ্বে ইন্দোৰ আৰক্ষীৰ অপৰাধ শাখাই ৪০০টা ভুৱা ৰেমডেচিবিৰ বেজী বিক্ৰী কৰাৰ অভিযোগত বিনয় শংকৰ ত্ৰিপাঠী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে । ইফালে, মধ্য প্ৰদেশত দিনটোৰ আৰম্ভণিতে ৰেমডেছিবিৰ বেজীৰ ৯,২৬৪ ভাইল থকা ২০০টা বাকচ জব্দ কৰা হৈছে ।

লগতে পঢ়ক:কৰ'ণাৰ বাবে ১৫ মে'লৈ বন্ধ থাকিব দেশৰ সকলো দৰ্শনস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.