ETV Bharat / bharat

Madmaheshwar Valley: মদমহেশ্বৰ উপত্যকাত আবদ্ধ হৈ থকা ২৯৩ জন তীৰ্থযাত্ৰীক উদ্ধাৰ - মদমহেশ্বৰ উপত্যকা

উত্তৰাখণ্ডৰ মদমহেশ্বৰ উপত্যকাত আবদ্ধ হৈ থকা সকলো তীৰ্থযাত্ৰীক উদ্ধাৰ । আজি হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হয় তীৰ্থযাত্ৰীসকল ৷ পঞ্চ কেদাৰৰ ভিতৰত দ্বিতীয় কেদাৰ হিচাপে পৰিচিত ভগৱান মদমহেশ্বৰ ধাম দৰ্শন কৰিবলৈ আহিছিল এইসকল লোক । গৌণ্ডাৰ গাঁৱৰ বণ্টোলিত গাৰ্ড ব্ৰীজ আৰু পথৰ পানী ওফন্দি উঠাৰ বাবে আবদ্ধ হৈ পৰিছিল তীৰ্থযাত্ৰীসকল ।

Madmaheshwar Valley
Madmaheshwar Valley
author img

By

Published : Aug 16, 2023, 10:56 PM IST

নিউজ ডেস্ক, ১৬ আগষ্ট: উত্তৰাখণ্ডৰ মদমহেশ্বৰ উপত্যকাত আবদ্ধ হৈ থকা ২৯৩ জন তীৰ্থযাত্ৰীক উদ্ধাৰ কৰা হৈছে । দ্বিতীয় কেদাৰ ভগৱান মদমেশ্বৰ ধাম সংযোগী বণ্টোলী দলং ভাঙি পৰাৰ ফলত এই তীৰ্থযাত্ৰীসকল আবদ্ধ হৈ পৰিছিল । আৱদ্ধ হৈ পৰা তীৰ্থযাত্ৰীসকলক ৰছী আৰু বিকল্প পথেৰে নিৰাপদ স্থানলৈ অনা হয় আৰু ইয়াৰ পৰা তেওঁক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় ।

১৩ আগষ্টৰ নিশা মদমহেশ্বৰ অৰ্থাৎ মদমহেশ্বৰ উপত্যকাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে গৌণ্ডাৰ গাঁৱৰ বণ্টোলীত গাৰ্ড ব্ৰীজ আৰু পথৰ কিছু অংশ উটি যায় । যাৰবাবে শ শ তীৰ্থযাত্ৰী আৰু স্থানীয় লোক উপত্যকাটোত আবদ্ধ হৈ পৰে । তেওঁলোকৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাও আছিল । এই সময়চোৱাত তেওঁলোক বহু সমস্যাৰ সন্মুখীন হয় আৰু প্ৰশাসনৰ ওচৰত সহায়ৰ বাবে আবেদন জনায় ।

অভিযোগ কৰা হৈছে যে প্ৰথম দিনাই উদ্ধাৰ সন্দৰ্ভত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । দ্বিতীয় দিনা এছডিআৰএফ আৰু ডিডিআৰএফৰ দলে যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ কথমপি সেই স্থানত উপস্থিত হয় যদিও প্ৰচণ্ড বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে উদ্ধাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় । বৰষুণ হ্ৰাস পোৱাৰ লগতে জলস্তৰ কমি অহাত মঙলবাৰৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় ।

মঙলবাৰে মদমহেশ্বৰ উপত্যকাত আবদ্ধ হৈ থকা ৫২ জন লোকক ৰছীৰ সহায়ত উদ্ধাৰ কৰা হৈছিল যদিও বতৰ বেয়া হোৱাৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়া হয় । আনহাতে, প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলোৱা সম্ভৱপৰ নাছিল । আজি অৰ্থাৎ বুধবাৰে উপত্যকাত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে হেলিকপ্টাৰৰ সহায় লোৱা হয় । ইয়াৰ বাবে নানু নামৰ ঠাইত এটা বিকল্প আৰু অস্থায়ী হেলিপেড প্ৰস্তুত কৰা হৈছিল ।

তীৰ্থযাত্ৰীসকলক খোজকঢ়াই এই অস্থায়ী হেলিপেডলৈ লৈ যোৱা হৈছিল । ইয়াৰ পৰা হেলিকপ্টাৰেৰে ৰাণসী গাঁৱলৈ তেওঁলোকক আনা হয় ৷ আৰু ইয়াৰ পৰা তেওঁলোকক পথেৰে গন্তব্যস্থানলৈ পঠিওৱা হয় ।

লগতে পঢ়ক: Shimla Shiv Temple Landslide: আপোনজনৰ অপেক্ষাত চিমলাৰ শিৱবাৰী ভূমিস্খলনৰ ভুক্তভোগীৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.