নেশ্যনেল ডেস্ক, 29 আগষ্ট : জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰগতি ময়দানত থকা ভাৰত মণ্ডপমলৈ আহিবলগীয়া ৰাষ্ট্ৰপ্ৰধানসকলক আদৰণি জনোৱা হ’ব অষ্টধাতুৰে নিৰ্মিত ২২ ফুট উচ্চতাৰ নটৰাজৰ মূৰ্তিৰে ৷ তামিলনাডুত এই মূৰ্তিটো প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় ৰাজধানীলৈ পথেৰে অনা হৈছিল । এই মূৰ্তিটোৰ ওজন ১৯ মেট্ৰিক টন, যিটো অষ্টধাতু সোণ, ৰূপ, সীহ, তাম, টিন, পাৰা, লোহা আৰু জিংকৰ দ্বাৰা তৈয়াৰ কৰা হৈছে ।
![G-20 summit in Delhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/del-gbn-01-g20-vis-dl10007_29082023113227_2908f_1693288947_846.jpg)
বিশ্বৰ আটাইতকৈ ওখ নটৰাজৰ মূৰ্তি : আপোনালোকক জনাওঁ যে এই মূৰ্তিটো তামিলনাডুৰ পৰা মধ্যপ্ৰদেশৰ গোৱলিয়ৰ হৈ নয়দাৰ মহামায়াৰ বাটেৰে দিল্লী পালেগৈ । মূৰ্তিটো সাংস্কৃতিক মন্ত্ৰালয়ে নিৰ্মাণ কৰিছে । যিটো আইজিএনচিএৰ বিষয়াৰ তত্বাৱধানত দিল্লীলৈ অনা হৈছে । ইয়াত মূৰ্তিটো পলিচ কৰি ছয় ফুট ওখ প্লেটফৰ্মত স্থাপন কৰা হ’ব । এইদৰে এই মূৰ্তিটোৰ সৰ্বমুঠ উচ্চতা ২৮ ফুট হ’বগৈ । সম্ভৱতঃ এইটোৱেই হ’ব পৃথিৱীৰ আটাইতকৈ ওখ নটৰাজৰ প্ৰতিমূৰ্তি । ধৰ্ম, শিল্প আৰু শাস্ত্ৰৰ এই অনন্য সংগমৰ জৰিয়তে বিদেশী অতিথিসকলক দেশৰ প্ৰাচীন কলা, সংস্কৃতি আৰু গণতন্ত্ৰৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব ।
![G-20 summit in Delhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/del-gbn-01-g20-vis-dl10007_29082023113227_2908f_1693288947_1031.jpg)
প্ৰতিমূৰ্তিটোৰ মূল্য প্ৰায় 10 কোটি : এজন বিষয়াৰ মতে, এই মূৰ্তিটোৰ নিৰ্মাণত চোল যুগৰ মূৰ্তি নিৰ্মাণৰ পৰম্পৰাগত প্ৰাচীন কলা গ্ৰহণ কৰা হৈছে । ইয়াক কুম্বাকোনাম তালুকৰ স্বামীমালাইৰ দেৱ সেনাপতি ভাস্কৰ্য ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছে । এই মূৰ্তিটো ৰাধাকৃষ্ণণ, পি কন্দন আৰু দেৱ স্বামীনাথনে সহকৰ্মীসকলৰ সহায়ত প্ৰায় ছয় মাহ ধৰি ডিজাইন কৰিছিল ৷ প্ৰতিমূৰ্তিটোৰ মূল্য প্ৰায় ১০ কোটি টকা ।
![G-20 summit in Delhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/del-gbn-01-g20-vis-dl10007_29082023113227_2908f_1693288947_496.jpg)
সকলো ঠাইতে প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে : ২৯ খন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহি আছে । এই সময়ছোৱাত দিল্লীৰ আই জি আই বিমানবন্দৰ, ৰাজঘাট, মুখ্য অনুষ্ঠানস্থলী প্ৰগতি ময়দানকে ধৰি ২০ টা স্থানত অংশ ল’বলগীয়া দেশসমূহৰ পতাকা স্থাপন কৰা হ’ব । নয়ডা কৰ্তৃপক্ষৰ দ্বাৰা বিভিন্ন স্থানত ৰঙীণ লাইট স্থাপন কৰা হৈছে । বিশেষকৈ, যমুনা এক্সপ্ৰেছৱেৰ পৰা দিল্লীলৈ অহা ৰাস্তাবোৰ উন্নত কৰা হৈছে ।
লগতে পঢ়ক : G20 summit in Delhi:জি-২০ সন্মিলনৰ বাবে ৮ ৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত দিল্লীত ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষেধ