ETV Bharat / bharat

Screams of death: ২৪ ঘণ্টাত দুখন চৰকাৰী চিকিৎসালয়ত ২৫ জন ৰোগীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:33 PM IST

নাগপুৰৰ দুখন চৰকাৰী চিকিৎসালয়ত ৰোগীৰ মৃত্যুৰ খবৰে সমগ্ৰ মহাৰাষ্ট্ৰতে তোলপাৰ লগাইছে ৷ নাগপুৰৰ দুখন চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত মৃত্যু ২৫ জন ৰোগীৰ ।

Screams of death
Government Hospitals In Nagpur

নিউজ ডেস্ক, ৪ অক্টোবৰ: যোৱা দুদিন ধৰি মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত বৃদ্ধি পাইছে ৰোগীৰ মৃত্যুৰ সংখ্যা । তিনিদিনত এই চৰকাৰী চিকিৎসালয়কেইখনত ৩৫ জন লোকৰ মৃত্যু ঘটিছে । মহাৰাষ্ট্ৰৰ ছত্ৰপতি সাম্ভাজীনগৰৰ ঘাটি চিকিৎসালয়ত ২৪ ঘণ্টাৰ ভিতৰতে ১৮ জন ৰোগীৰ মৃত্যু হোৱা ঘটনাৰ পিচতে এতিয়া নাগপুৰৰ চৰকাৰী চিকিৎসালয়ৰ পৰা আহিছে ৰোগীৰ মৃত্যুৰ এই খবৰ । নাগপুৰৰ দুখন চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ২৫ জন ৰোগীৰ মৃত্যু ।

নাগপুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু ইন্দিৰা গান্ধী মহাবিদ্যালয়ত যোৱা ২৪ ঘন্টাত ২৫ জন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে । চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ১৬ জন আৰু মায়ো হাস্পতালত ৯ জন ৰোগীৰ মৃত্যু । মৃতকৰ ভিতৰত কিছুমান নৱজাতককে ধৰি বিভিন্ন বয়সৰ ৰোগী আছে । প্ৰশাসনে দাবী কৰিছে যে, ব্যক্তিগত চিকিৎসালয়ৰ অতি সংকটজনক ৰোগী আৰু ভেণ্টিলেটৰত থকা ৰোগীক মেয়’ চিকিৎসালয়লৈ প্ৰেৰণ কৰা বাবে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ।

মধ্য ভাৰতৰ চিকিৎসা কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে নাগপুৰ চহৰে । হাজাৰ হাজাৰ ব্যক্তিগত চিকিৎসালয়ৰ লগতে দুখন চিকিৎসা মহাবিদ্যালয় নাগপুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় (মায়ো) চহৰখনত বিদ্যমান । চুবুৰীয়া মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু অন্ধ্ৰ প্ৰদেশৰ পৰাও ৰোগী নাগপুৰৰ এই দুখন চিকিৎসালয়ত চিকিৎসাৰ বাবে আহে ।

চিকিৎসা অধীক্ষক ডাঃ শৰদ কুচেৱাৰে কয় যে প্ৰতিদিনে গড়ে ১৪ ৰ পৰা ১৬ জন ৰোগীৰ চিকিৎসালয়ত মৃত্যু হয় । মৃতকৰ সংখ্যা হঠাৎ বৃদ্ধি হোৱা নাই । চিকিৎসালয়খন মধ্য ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসা মহাবিদ্যালয় । বিদৰ্ভকে ধৰি চুবুৰীয়া ৰাজ্যৰ পৰা ৰোগীয়ে এই চিকিৎসালয়ত চিকিৎসাৰ বাবে আহে ।

ইয়াৰ উপৰিও ব্যক্তিগত চিকিৎসালয়ত মৃত্যুমুখত পৰা বা খৰচৰ ক্ষমতা শেষ হোৱা ৰোগীক ইয়ালৈ প্ৰেৰণ কৰা হয় । গতিকে ইয়াত প্ৰতিদিনে ১৪ ৰ পৰা ১৬ জন ৰোগীৰ মৃত্যু হয় । চিকিৎসালয়খনত সকলো ধৰণৰ ঔষধৰ মজুত বুলি চিকিৎসালয়ৰ অধীক্ষক ডাঃ শৰদ কুচেৱাৰে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: AAP MP Sanjay Singh arrested: সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ আপৰ সাংসদ সঞ্জয় সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.