ETV Bharat / bharat

COVID-১৯: ভাৰতত নতুনকৈ ২৪,৮৮২ জন আক্ৰান্ত

author img

By

Published : Mar 13, 2021, 5:20 PM IST

নতুনকৈ আক্ৰান্ত হোৱা লোকসহ ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,১৩,৩৩,৭২৮ জনলৈ বৃদ্ধি । দেশত বৰ্তমান ২,০২,০২২টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে আৰু ১,০৯,৭৩,২৬০ জন লোক আৰোগ্য হৈ উঠিছে । এতিয়ালৈকে মুঠ ১,৫৮,৪৪৬ গৰাকী লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ।

ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,১৩,৩৩,৭২৮ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ ২৪,৮৮২ জন লোক COVID-১৯ ত আক্ৰান্ত হৈছে । দেশত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০৩,৯৫,২৭৮ জনলৈ বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, মাত্ৰ এটা দিনত ভাৰতত ১৯,৯৫৭ জন ৰোগী সুস্থ হৈ উঠিছে । এতিয়ালৈকে দেশত ১,০৯,৭৩,২৬০ জন লোক আৰোগ্য হৈ উঠিছে ।

আনহাতে, ভাৰতত বৰ্তমান ২,০২,০২২টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । নতুনকৈ মৃত্যু হোৱা ১৪০ জন লোকসহ এতিয়ালৈকে দেশত মুঠ ১,৫৮,৪৪৬ গৰাকী লোকৰ মৃত্যু হৈছে । ইফালে, শনিবাৰে দেশত আৰোগ্যৰ হাৰ ৯৬.৮২ শতাংশলৈ বৃদ্ধি পাইছে । এতিয়ালৈকে দেশত COVID-১৯ ৰ প্ৰতিষেধকৰ ২,৮২,১৮,৪৫৭ টা খোৰাক প্ৰদান কৰা হৈছে । ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছে প্ৰকাশ কৰা তথ্য মতে, দেশত মুঠ ২২,৫৮,৩৯,২৭৩ টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।

শুকুৰবাৰে ৮,৪০,৬৩৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় । দেশৰ ভিতৰতে মহামাৰীৰ সংক্ৰমণ আটাইতকৈ বেছি হোৱা মহাৰাষ্ট্ৰত মাত্ৰ এটা দিনত ১৫,৮১৭ জন লোক মহামাৰীৰ কবলত পৰিছে । ৰাজ্যখনত বৰ্তমান ১,১০,৪৮৫টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে আৰু বৰ্তমানলৈকে ৫২,৭২৩ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক: ৪ বছৰীয়া শিশুক ধৰ্ষণ-হত্যা: অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.