ETV Bharat / bharat

সাৱধান: আপোনাৰ ওচৰতো থাকিব পাৰে তিহাৰ জেলৰ কয়েদী

author img

By

Published : Mar 19, 2022, 4:35 PM IST

দেশৰ অন্যতম বৃহৎ কাৰাগাৰ বুলি জনা যায় তিহাৰ কাৰাগাৰক । য'ত দেশৰ বহু দুৰ্ধৰ্ষ অপৰাধীক ৰখা হয় । কিন্তু শেহতীয়াকৈ কাৰাবন্দীক লৈ উদ্বিগ্ন হৈ পৰিছে তিহাৰ কাৰাগাৰ কতৃপক্ষ (Tihar jail authorities worried about jail inmates)। দিল্লী আৰক্ষী সহায় বিচাৰিছে কাৰাগাৰ কতৃপক্ষই । কিন্তু কিয় ?

Tihar inmates
আপোনাৰ ওচৰতো থাকিব পাৰে তিহাৰ জেলৰ কয়েদী

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : বৃহৎ চিন্তাত পৰিছে তিহাৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষ । ইয়াৰ কাৰণ জানিলে আপুনিও চিন্তাত পৰিব । কাৰাগাৰৰ প্ৰায় ২,৪০০ কাৰাবন্দী পলাতক (Around 2400 inmates of Tihar Central Jail on the run)। হয় আপুনি ঠিকে শুনিছে । আপোনাৰ ওচৰ পাজৰেও ঘূৰি ফুৰিব পাৰে তাৰে কোনো অপৰাধী ।

উল্লেখ্য যে যোৱা দুটা বছৰত দেশত ক'ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । তিহাৰ কেন্দ্ৰীয় কাৰাগাৰো প্ৰভাৱান্বিত হৈছিল (Covid impact on Tihar Central Jail)। ক'ভিডৰ ফলত ১০ গৰাকী কাৰাবন্দীৰ মৃত্যু হৈছিল ।

মুঠতে ৫২১ গৰাকী বন্দী আৰু ৫৩৪ গৰাকী তিহাৰ কাৰাগাৰৰ কৰ্মচাৰী সেই সময়ত ক'ভিডত আক্ৰান্ত হৈছিল । যাৰ বাবে কাৰাগাৰ কতৃপক্ষই কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল । অন্তৱৰ্তীকালীন জামিনৰ লগতে জৰুৰীকালীন পেৰোলত মুকলি কৰি দিয়া হৈছিল কাৰাগাৰৰ বহু বন্দীক (Jail inmates were released on emergency bail)।

তথ্য অনুসৰি ২০২০ চনত ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৬,০০০ তকৈও অধিক কয়েদীক পেৰোলত মুকলি কৰা হৈছিল (More than 6000 prisoners were released on a parole in 2020)। লগতে কয়েদীসকলক ২০২১ চনৰ মাৰ্চৰ ভিতৰত কাৰাগাৰৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল । কিন্তু লক্ষণীয় বিষয়টো হ'ল যে ইয়াৰে এতিয়াও ২,৪০০ কয়েদীয়ে আত্মসমৰ্পণ কৰা নাই ।

সম্প্ৰতি সন্ধান নাই এই বৃহৎ সংখ্যক কয়েদীৰ (Around 2400 inmates of Tihar jail are missing)। সেয়ে কয়েদীসকলক বিচাৰি উলিয়াবলৈ দিল্লী আৰক্ষীৰ সহায় লৈছে তিহাৰ কেন্দ্ৰীয় কাৰাগাৰ কতৃপক্ষই । পলাতক কয়েদীসকলৰ এখন তালিকা প্ৰস্তুত কৰি সেই তালিকা দিল্লী আৰক্ষীক প্ৰেৰণ কৰিছে ।

দিল্লী আৰক্ষীক জনোৱা মতে প্ৰায় ডেৰ বছৰ ধৰি পলাতক হৈ আছে কয়েদীসকল । আনহাতে দিল্লী আৰক্ষীয়েও অভিযান আৰম্ভ কৰিছে । কয়েদীসকলক বিচাৰি উলিওৱাৰ বাবে একাংশ পলাতক কয়েদীৰ বিৰুদ্ধে পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে ।

আন এক গুৰুত্বপূৰ্ণ কথা হ'ল যে ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়তো ৫,০০০ তকৈও অধিক কয়েদীক কাৰাগাৰৰ পৰা পেৰোলত মুকলি কৰি দিয়া হৈছিল । অৱশ্যে তেওঁলোকক আত্মসমৰ্পণৰ নিৰ্দেশ এতিয়ালৈ দিয়া হোৱা নাই । জানিব পৰা মতে বৰ্তমান ক'ভিডৰ পৰা মুক্ত তিহাৰ কেন্দ্ৰীয় কাৰাগাৰ । তিহাৰ কাৰাগাৰৰ এই খবৰে সম্প্ৰতি সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :শীঘ্ৰেই তিহাৰ জেলৰ পৰা মুকলি হ'ব পাৰে 3000 কাৰাবন্দী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.