ETV Bharat / bharat

ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে ব্যক্তিগত উপগ্ৰহ উৎক্ষেপণ কৰিব কৰ্ণাটকৰ এজন যুৱকে

author img

By

Published : Oct 22, 2021, 5:34 PM IST

কৰ্ণাটকৰ যুৱক আৱেইছ আহমেদে প্ৰথমবাৰৰ বাবে ভাৰত ভূমিৰ পৰা উৎক্ষেপণ কৰিব ব্যক্তিগত উপগ্ৰহ । ভাৰতৰ প্ৰথমটো ব্যক্তিগত উপগ্ৰহ ২০১৮ চনত এলন মাস্কৰ স্পেচএক্সৰ দ্বাৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল । এতিয়া ভাৰত ভূমিৰ পৰাই উপগ্ৰহ উৎক্ষেপণৰ প্ৰস্তুতি চলাইছে কৰ্ণাটকৰ ২৩ বছৰীয়া যুৱকজনে ।

Awais Ahmed is all set to launch first private satellite from Indian soil
ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে ব্যক্তিগত উপগ্ৰহ উৎক্ষেপণ কৰিব কৰ্ণাটকৰ আৱেইছ আহমেদে

নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: ভাৰতৰ মাটিৰ পৰা ব্যক্তিগত উপগ্ৰহ উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ দিশত প্ৰস্তুতি কৰ্ণাটকৰ । ৰাজ্যখনৰ চিক্কামাগালুৰু জিলাৰ আলদুৰ গাঁৱৰ বাসিন্দা ২৩ বছৰীয়া আৱেইছ আহমেদ আৰু তেওঁৰ এৰোস্পেচ নিৰ্মাতা কোম্পানী পিক্সেলে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে ভাৰত ভূমিৰ পৰা ব্যক্তিগত উপগ্ৰহ উৎক্ষেপণ কৰাৰ বাবে সাজু হৈছে । উপগ্ৰহটোৰ নাম আৰু উৎক্ষেপণৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । উপগ্ৰহটো যোৱা বছৰেই উৎক্ষেপণ কৰাৰ কথা আছিল ।

কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে সেয়া হৈ নুঠিল । উল্লেখ্য যে, ২০২০ চনৰ ১৪ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ব্যক্তিগত কোম্পানীসমূহৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয় । এই বৈঠকৰ পাচতে প্ৰধানমন্ত্ৰী মোডীয়ে আহমেদলৈ সমৰ্থন আগবঢ়ায় । দাবী কৰা হৈছে যে, আহমেদৰ উপগ্ৰহটো ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ যি ভাৰতৰ মাটিৰ পৰা উৎক্ষেপণ কৰা হ'ব ।

প্ৰথমে ৰাছিয়াৰ পৰা এই উপগ্ৰহটো উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল যদিও ভাৰতৰ মাটিৰ পৰা উপগ্ৰহ উৎক্ষেপণ কৰাটো আহমেদৰ সপোন আছিল । আনহাতে, ভাৰতৰ প্ৰথম ব্যক্তিগত উপগ্ৰহটো ২০১৮ চনত এলন মাস্কৰ স্পেচএক্সৰ দ্বাৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল ।

কেলিফৰ্ণিয়াৰ ভাণ্ডেনবাৰ্গ বায়ু সেনা ঘাটিৰ পৰা আন ১৭ খন দেশৰ ৬৩ টা উপগ্ৰহৰ সৈতে ভাৰতৰ উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল । পিক্সেল হৈছে এছিয়াৰ একমাত্ৰ মহাকাশ ষ্টাৰ্টআপ, যিয়ে লছ এঞ্জেলছত ২০১৯ৰ টেকষ্টাৰ্ছ ষ্টাৰবাৰ্ষ্ট স্পেচ এক্সিলাৰেটৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । প্ৰতিষ্ঠানটোৱে ২-৩ বছৰৰ ভিতৰত ৩০টাতকৈও অধিক পৃথিৱী পৰ্যবেক্ষণ মাইক্ৰ' উপগ্ৰহ সূৰ্যৰ সমকালীন কক্ষপথত স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰিছে ।

আৱেইছ আহমেদ আৰু ক্ষিতিজ খাণ্ডেলৱালে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পিলানীস্থিত বিৰলা ইনষ্টিটিউট অৱ টেকন'লজী এণ্ড চাইন্সত অধ্যয়ন কৰি থকা সময়ত কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল । আৱেইছ আহমেদৰ পিতৃ নাদিম আহমেদে কয় যে, তেওঁৰ পুত্ৰ অতি প্ৰতিভাশালী । উপগ্ৰহটোৱে আন উপগ্ৰহৰ তুলনাত ৫০ গুণ বেছি তথ্য যোগান ধৰিব । আহমেদৰ পিতৃয়ে দাবী কৰিছিল যে, তেওঁৰ পুত্ৰৰ উপগ্ৰহ ভাৰতৰ মাটিৰ পৰা উৎক্ষেপণ কৰা প্ৰথম ব্যক্তিগত উপগ্ৰহ হ'ব ।

লগতে পঢ়ক : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 57 সংখ্যক জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.