ETV Bharat / bharat

২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

২০০৫ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (IISC)ত উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মহম্মদ হাবিব নামৰ ত্ৰিপুৰাৰ এজন লোকক বেংগালুৰুৰ এন আই এৰ বিশেষ আদালতে মুকলি কৰি দিয়ে ।

author img

By

Published : Jun 22, 2021, 7:34 PM IST

Tripura based accuse released
IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

নেশ্যনেল ডেস্ক,২২ জুন: ২০০৫ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈছিল ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (IISC) । এই ঘটনাৰ তদন্ত কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই(NIA)। দীৰ্ঘদিনীয়াকৈ চলি আছিল এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া । মঙলবাৰে এই বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বেঙ্গালুৰুৰ এন আই এৰ বিশেষ আদালতে এগৰাকী অভিযুক্তক দোষমুক্ত ঘোষণা কৰে । অভিযুক্তজনৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাটোৱে পৰ্যাপ্ত পৰিমাণৰ প্ৰমাণ দিব নোৱাৰাৰ বাবেই অৱশেষত মুকলি কৰাৰ নিৰ্দেশ দিয়ে এন আই এৰ বিশেষ আদালতে ।

২০০৫ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (IISC)ত উগ্ৰপন্থীৰ গুলীচালনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ত্ৰিপুৰাৰ বাসিন্দা মহম্মদ হাবিবক বেংগালুৰুৰ এন আই এৰ(NIA) বিশেষ আদালতে মুক্তি দিয়ে । এনআইএৰ বিশেষ ন্যায়ালয়ৰ ন্যায়াধীশ ড০ কাছানাপ্পা নায়কে মহম্মদ হাবিবৰ বিৰুদ্ধে কোনো প্ৰাসংগিক প্ৰমাণ নাই বুলি কৈ মুক্তিৰ নিৰ্দেশ দিয়ে । ২০০৫ চনৰ IISC সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰৰ সপ্তম অভিযুক্ত হাবিবক আৰক্ষীয়ে গোচৰটোৰ প্ৰথম অভিযুক্ত শ্বাহবুদ্দিন আহমেদৰ ভাষ্যৰ আধাৰত গ্ৰেপ্তাৰ কৰিছিল ।

তেওঁ ২০০৮ চনত আৰক্ষীক কোৱা মতে বাংলাদেশ ভ্ৰমণৰ সময়ত তেওঁ ত্ৰিপুৰাৰ আগৰতলাত হাবিবক লগ পাইছিল । সেয়ে ২০১৭ চনত বেংগালুৰুৰ IISCত সন্ত্ৰাসবাদী আক্ৰমণত সহায় কৰাৰ অভিযোগত হাবিবক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । উল্লেখ্য যে ২০০৫ চনত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্সত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল যাৰ ফলত এজন লোকৰ মৃত্যু হৈছিল আৰু আন কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল ।

প্ৰথমতে সদাশিৱনগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল । গোচৰটোৰ তদন্ত পিছত এন আই এক(NIA) হস্তান্তৰ কৰা হৈছিল । এন আই এৰ বিষয়াসকলে ভাৰতীয় দণ্ডবিধিৰ অস্ত্ৰ আইন, বিস্ফোৰক পদাৰ্থ আইন আৰু অবৈধ কাৰ্যকলাপ নিয়ন্ত্ৰণ আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰটোত চাৰি বছৰ পূৰ্বে কাৰাগাৰত বন্দী হৈ থকা মহম্মদ হাবিবে চিআৰপিচিৰ(CRPC) ২২৭ ধাৰাৰ অধীনত ডিচচাৰ্জ বিচাৰি আবেদন দাখিল কৰিছিল ৷

লগতে পঢ়ক:গণ প্ৰহাৰত যুৱকৰ মৃত্যু: উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মানিক সৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.