ETV Bharat / bharat

উত্তৰ কাশ্মীৰত জইছ ই মহম্মদৰ দুই সহযোগী আটক - Shaukat Ahmed

উত্তৰ কাশ্মীৰৰ বন্দীপোৰা জিলাত জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ দুই সহযোগীক শেহতীয়াকৈ কৰায়ত্ত কৰে ৷ ধৃত আব্দুল মজিদ খান আৰু শৌকত আহমেদে সন্ত্ৰাসবাদীসকলক সময়ে সময়ে প্ৰয়োজনীয় সামগ্ৰী আৰু মাৰণাস্ত্ৰ যোগান ধৰি আহিছিল ৷

2 JeM associates arrested in North Kashmir
উত্তৰ কাশ্মীৰত জইছ ই মহম্মদৰ দুই সহযোগী আটক
author img

By

Published : Feb 2, 2021, 5:40 PM IST

শ্ৰীনগৰ,২ ফেব্ৰুৱাৰী: জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ দুই সহযোগীক শেহতীয়াকৈ কৰায়ত্ত কৰে ৷ উত্তৰ কাশ্মীৰৰ বন্দীপোৰা জিলাত এই দুই সহায়কাৰীক কৰায়ত্ত কৰা বুলি মঙলবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷

এক সংবাদমেল সম্বোধন কৰি বন্দীপোৰা আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাহুল মালিকে এই সন্দৰ্ভত পূৰ্বে তথ্য লাভ কৰা বুলি সদৰী কৰে ৷ অঞ্চলটোৰ যুৱকসকলক সন্ত্ৰাসবাদী সংগঠনটোত ভৰ্তি হ’বৰ নিমিত্তে যোজা চলোৱা হৈছিল বুলিও প্ৰকাশ কৰে মালিকে ৷

এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে
উত্তৰ কাশ্মীৰত জইছ ই মহম্মদৰ দুই সহযোগী আটক

আৰক্ষীয়ে কৰায়ত্ত কৰা আব্দুল মজিদ খান পূৰ্বে এগৰাকী সন্ত্ৰাসবাদী আছিল ৷ খানে ক্ৰালপুৰা এলেকাৰ পৰা সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷ আনহাতে,খানক কৰা সোধপোছৰ ভিত্তিতে শৌকত আহমেদক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ব্যক্তি দুগৰাকীয়ে দীৰ্ঘসময়ৰ পৰাই সন্ত্ৰাসবাদী সংগঠনটোক সহায় কৰি আহিছিল ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দুয়োগৰাকী ব্যক্তিয়ে জইছ ই মহম্মদক বিভিন্ন প্ৰকাৰে সহায় কৰি অহাৰ লগতে মাৰণাস্ত্ৰৰ যোগান ধৰি আহিছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক-চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.