ETV Bharat / bharat

বন্ধুৰ সৈতে ফুৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী

author img

By

Published : Jun 1, 2022, 4:45 PM IST

বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাই কাল হ'ল এগৰাকী কিশোৰীৰ ৷ কেৰেলাৰ উডুক্কী জিলাৰ পুপপাৰা গাঁৱৰ এখন চাহ বাগিচাত 15 বছৰীয়া কিশোৰীগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ খবৰ পোহৰলৈ আহিছে (15-year old girl raped) ৷ চাহ বাগিছাখনলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল কিশোৰীগৰাকী (girl raped in Idukki) ৷

15-year old girl raped in Idukki: Several suspects being questioned, says police
বন্ধুৰ সৈতে ফুৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হ'ল কিশোৰী

নেশ্যনেল ডেস্ক, 1 জুন : কেৰেলাত সংঘটিত হৈছে এটা জঘন্য ঘটনা ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাই কাল হ'ল এগৰাকী কিশোৰীৰ ৷ কেৰেলাৰ উডুক্কী জিলাৰ পুপপাৰা গাঁৱৰ এখন চাহ বাগিচাত 15 বছৰীয়া কিশোৰীগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ খবৰ পোহৰলৈ আহিছে (15-year old girl raped) ৷ প্ৰাপ্ত তথ্য অনুসৰি চাহ বাগিছাখনলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল কিশোৰীগৰাকী (girl raped in Idukki) ৷

ঘটনা অনুসৰি কিশোৰীগৰাকীয়ে বন্ধুৰ সৈতে কথা পাতি থকাৰ অৱস্থাতে চাৰিজনকৈ যুৱক সেই স্থানলৈ আহি বন্ধুজনক প্ৰহাৰ কৰাৰ লগতে কিশোৰীগৰাকীক কৰিলে দলবদ্ধ ধৰ্ষণ (A minor girl was allegedly gangraped by four persons) ৷ কিশোৰীগৰাকীৰ বন্ধুজনে সহায়ৰ বাবে চিঞৰাত একাংশ স্থানীয় লোক সেই স্থানত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷ ইফালে স্থানীয় লোকসকল সেই স্থানত উপস্থিত হ’ল যদিও সুযোগ বুজি চাৰি যুৱকে পলায়ন কৰিলে সেই স্থানৰ পৰা ৷

উল্লেখ্য যে, পশ্চিম বংগৰ পৰা অহা এজন শ্ৰমিকৰ কন্যা আছিল ভুক্তভোগী কিশোৰীগৰাকী ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি চাৰি যুৱকে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল ৷ আৰক্ষীয়ে ইতিমধ্যে এই জঘণ্য কাণ্ডৰ লগত বহুকেইজন লোক জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে ৷ ইতিমধ্যে ইডুক্কী আৰক্ষীয়ে চাৰি অভিযুক্তক আটক কৰি অব্যাহত ৰাখিছে জেৰা ৷

ইফালে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ অন্তত এয়া এক ধৰ্ষণৰ ঘটনা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ৷ ঘটনাৰ সময়ত সেই স্থানত উপস্থিত থকা বন্ধুজনকো আৰক্ষীয়ে কৰিছে সোধ পোছ ৷

লগতে পঢ়ক : আৰক্ষী জিম্মাৰ পৰা পলায়ন ধৰ্ষণৰ মূল অভিযুক্ত : নিলম্বিত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.