ETV Bharat / bharat

কৰ্ণাটকত একে বিদ্য়ালয়ৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কোভিড - কালাগী চহৰ

কৰ্ণাটকৰ কালাগী চহৰৰ কালাবুৰাগী চৰকাৰী হাইস্কুলৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা ৷

কৰ্ণাটকত একেখন বিদ্য়ালয়ৰ ১৫ জন শিক্ষাৰ্থী কৰ'ণা পজিটিভ

author img

By

Published : Mar 6, 2021, 12:07 PM IST

নিউজ ডেস্ক,৬ মাৰ্চ: দেশত এতিয়াও মাৰ যোৱা নাই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । দেশত প্ৰতিদিনে নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈ আহিছে । শেহতীয়াকৈ কৰ্ণাটকৰ একেখন বিদ্য়ালয়ৰে ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ৰাজ্যখনৰ কালাগী চহৰৰ কালাবুৰাগী চৰকাৰী হাইস্কুলৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰে । যোৱা ১ মাৰ্চত বিদ্যালয়খনৰ ২২ জন শিক্ষাৰ্থীৰ কৰ'ণা পৰীক্ষা কৰোৱা হৈছিল । তাৰে ভিতৰত ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰে ।

কৰ'ণাত আক্ৰান্ত আটাইকেইজন শিক্ষাৰ্থী কালাগী চহৰৰ সমীপৱৰ্তী গাঁৱৰ বুলি জানিব পৰা গৈছে । সম্প্ৰতি আটাইকেইজন শিক্ষাৰ্থীক নিজ নিজ ঘৰত আইছ’লেশ্যনত ৰখা হৈছে ৷ কিয়নো শিক্ষাৰ্থী কেইজনৰ দেহত পূৰ্বে কোনো ধৰণৰ কৰ’ণাৰ লক্ষণ দেখা দিয়া নাছিল । ইফালে, সোমবাৰলৈ বিদ্যালয় বন্ধ ৰখা হৈছে ।

উল্লেখ্য যে, চহৰখনৰ ওচৰৰ এখন গাঁৱত বিবাহ অনুষ্ঠানত মুম্বাইৰ বহু লোক আহিছিল । দুজন শিক্ষাৰ্থী উক্ত বিবাহ অনুষ্ঠানলৈ গৈছিল । যাৰ ফলত শিক্ষাৰ্থীকেইজন আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । বৰ্তমানেও বিদ্যালয়খনৰ ৪১ জন শিক্ষাৰ্থীৰ কৰ'ণা পৰীক্ষাৰ ফলাফল লাভ কৰা হোৱা নাই ।

লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশত হ্যাম্পবেক ডলফিনৰ বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.