নেচনেল ডেস্ক, 21 মে': আৰক্ষীৰে হোৱা এক সংঘৰ্ষত গড়চিৰোলীত 13 জনকৈ নক্সালবাদীৰ মৃত্যু ৷ শুকুৰবাৰে পুৱা গড়চিৰোলী জিলাৰ ইটাপল্লী তহচিলৰ কোটমী আৰক্ষী সহায় কেন্দ্ৰৰ অধীনৰ পেদী বনাঞ্চলত নক্সালবাদী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত নক্সালবাদী কেইগৰাকীৰ মৃত্যু হয় ৷
আৰক্ষীৰ চি-60 ৰ জোৱানসকল এই অভিযানত জড়িত আছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, এইপৰ্যন্ত আৰক্ষীয়ে 8 জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
জানিব পৰা মতে, কিছুদিনৰ পৰা আৰক্ষীয়ে নক্সালবাদীৰ গতিবিধি লক্ষ্য কৰি আছিল আৰু বৃহস্পতিবাৰে পুৱাই চি-৬০ ৰ জোৱানসকলে অভিযান আৰম্ভ কৰিছিল ৷ ইয়াৰ পাচতে নক্সালবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীবৰ্ষণ আৰম্ভ কৰে আৰু আৰক্ষীৰ গুলীচালনাত 13 জন নক্সালবাদীৰ মৃত্যু হয় ৷
লগতে পঢ়ক: ক'ভিড ৱাৰ্ডত মহিলাক ধৰ্ষণ