নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : ক'ভিড-১৯ ৰ ভয়াৱহতা সম্পূৰ্ণৰূপে দূৰ হোৱাৰ পূৰ্বেই সমগ্ৰ বিশ্বত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে ক'ভিডৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণে । অ'মিক্ৰণৰ বৰ্ধিত সংক্ৰমণে বিৰূপ প্ৰভাৱ পেলাইছে বিমান পৰিবহণৰ ক্ষেত্ৰতো (Rising Omicron cases disrupt air travel) ।
মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা অৰ্থাৎ বিশ্বজুৰি বিশ্বজুৰি প্ৰায় ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে (11,500 flights scrapped worldwide since Christmas eve) । বিপৰীতে হাজাৰ হাজাৰ বিমানৰ যাত্ৰা পলমকৈ আৰম্ভ হৈছে ।
বিমান পৰিবহণৰ ক্ষেত্ৰত সৃষ্টি হোৱা খেলিমেলিৰ বাবে বৰদিন আৰু নৱবৰ্ষৰ বন্ধৰ সময়ত বিমানেৰে যাত্ৰা কৰিব বুলি ভবা লোকসকল আহুকালত পৰিছে । ইউৰোপ আৰু আমেৰিকাৰ কেইবাখনো দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে অ'মিক্ৰণৰ সংক্ৰমণ । সেয়ে বাতিল কৰা হৈছে অধিকাংশ বিমানৰ যাত্ৰা (USA flights cancelled due to covid) ।
তথ্য অনুসৰি, সোমবাৰে বিশ্বৰ বিভিন্ন দেশত মুঠ ৩ হাজাৰ বিমানৰ যাত্ৰা বাতিল কৰাৰ বিপৰীতে মঙলবাৰে ১,১০০ খনৰো অধিক বিমান বাতিল কৰা হৈছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই বন্ধৰ পিচত কাম পুনৰ কাম আৰম্ভ হোৱা কোম্পানীবোৰত শ্ৰমিকৰ অভাৱ দূৰ কৰিবলৈ লক্ষণ নথকা ক'ভিড-১৯ ৰোগীৰ বাবে আইছ'লেছনৰ সময় ১০ দিনৰ পৰা ৫ দিনলৈ হ্ৰাস কৰিছে । নতুন বছৰৰ জানুৱাৰী মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই আশংকা ব্যক্ত কৰিছে ।
কিয়নো, এতিয়াও আমেৰিকাৰ বহু সংখ্যক লোকৰ টীকাকৰণ সম্পূৰ্ণ হোৱা নাই । আমেৰিকা যুক্তৰাষ্ট্ৰত মহামাৰীৰ কবলত পৰি এতিয়ালৈকে ৮,১৬,০০০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । ৰাষ্ট্ৰপতি জ’ বাইডেনে আশ্বাস দিছে যে, ক'ভিড 19 ৰে যুঁজিবলৈ তেওঁলোক সাজু আছে । ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকাৰ নাগৰিকসকলক আতংকিত নহ'বলৈ আহ্বান জনায় ।
লগতে পঢ়ক: Covid-19 vaccine for teenagers : ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক ক’ভেক্সিন প্ৰদানৰ সম্ভাৱনা