ETV Bharat / bharat

এদিনৰ উপায়ুক্ত ফ্লোৰা আছোদিয়া...

author img

By

Published : Sep 19, 2021, 11:54 AM IST

ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত আহমেদাবাদৰ ফ্লোৰা আছোদিয়া নামৰ ১১ বছৰীয়া কিশোৰীগৰাকী । শেহতীয়াকৈ অস্ত্ৰোপচাৰ হৈছে যদিও স্বাস্থ্যৰ অৱনতি ঘটিছে কিশোৰীগৰাকীৰ । কিন্তু ইয়াৰ মাজতে তেওঁৰ এক সপোন পূৰণ কৰিলে আহমেদাবাদ প্ৰশাসনে । কি সপোন আছিল ফ্লোৰাৰ ?

11 year old becomes collector for a day
সপোন পূৰণ হ'ল জটিল ৰোগত আক্ৰান্ত ফ্লোৰা আছোদিয়াৰ

নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : আহমেদাবাদৰ উপায়ুক্তৰ এক আদৰণীয় পদক্ষেপ । জটিল ৰোগত আক্ৰান্ত এগৰাকী কিশোৰীৰ মনৰ আশা পূৰণ কৰিলে আহমেদাবাদৰ উপায়ুক্ত সন্দীপ চাংগলে । ব্ৰেইন টিউমাৰত ভূগি থকা ফ্লোৰা আছোদিয়া নামৰ এগৰাকী ১১ বছৰীয়া কিশোৰীক শনিবাৰে আহমেদাবাদত এদিনৰ বাবে উপায়ুক্তৰ দায়িত্ব দিয়া হয় ।

উল্লেখ্য যে, গান্ধীনগৰৰ ফ্লোৰা আছোদিয়া নামৰ কিশোৰীগৰাকী ব্ৰেইন টিউমাৰত ভূগি আছে । যোৱা মাহত আছোদিয়াৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । তাৰপিছৰে পৰা স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে আছোদিয়াৰ । ফ্লোৰাৰ আইএএছ বিষয়া বা উপায়ুক্ত হোৱাৰ সপোন আছিল ।

আহমেদাবাদৰ উপায়ুক্ত সন্দীপ চাংগলে জনোৱা মতে, তেওঁ এই খবৰ মেক-এ-উইছ ফাউণ্ডেচনৰ পৰা লাভ কৰিছিল । তাৰ পাছতে উপায়ুক্তগৰাকীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু কিশোৰীগৰাকীৰ সপোন পূৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে । যিহেতু ফ্লোৰাৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটিছিল, সেয়ে প্ৰথম অৱস্থাত তেওঁৰ পৰিয়ালৰ লোকে এইক্ষেত্ৰত অনিচ্ছা প্ৰকাশ কৰিছিল । কিন্তু উপায়ুক্তগৰাকীৰ অনুৰোধৰ পাছত পৰিয়ালৰ লোকসকল মান্তি হয় ।

ইফালে ২৫ ছেপ্টেম্বৰত যিহেতু কিশোৰীগৰাকীৰ জন্মদিন ৷ সেয়ে উপায়ুক্তগৰাকীয়ে তেওঁৰ জন্মদিন উদযাপন কৰে । কিশোৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰি উপায়ুক্তগৰাকীয়ে কয় যে ফ্লোৰা সোনকালে সুস্থ হ'ব আৰু তেওঁ সপোন পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব । ইফালে এদিনৰ বাবে উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰি তেওঁৰ সপোন পূৰণ কৰাত সহায় কৰা সকলোকে উপায়ুক্ত সন্দীপ চাংগলে ধন্যবাদ জনায় ।

ফ্লোৰাৰ পিতৃ অপূৰ্ব আছোদিয়াই সকলোকে কিশোৰীগৰাকীৰ জীৱনৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে বৰ্তমান ফ্লোৰা সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু যোৱা সাত মাহ ধৰি ব্ৰেইন টিউমাৰত ভূগি আছে । তেওঁ নেহা কক্কৰৰ গান শুনি ভাল পায় আৰু এগৰাকী আইএএছ বিষয়া বা উপায়ুক্ত হ'ব বিচাৰে ।

পিতৃয়ে প্ৰকাশ কৰা মতে, ব্ৰেইন টিউমাৰ ধৰা পৰাৰ পূৰ্বে ফ্লোৰা পঢ়া-শুনাত যথেষ্ট ভাল আছিল । কন্যাৰ আশা পূৰণ কৰাৰ বাবে উপায়ুক্ত, মেক-এ-উইছ ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে পিতৃ অপূৰ্ব আছোদিয়াই । ইফালে উপায়ুক্তৰ কাৰ্যালয়ত ফ্লোৰাক বিভিন্নজন সম্বৰ্ধনা জনাই আৰু উপহাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : ৰাহুল গান্ধীক AICCৰ সভাপতি হোৱাটো বিচাৰে দলৰ সামাজিক মাধ্যম বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.