কৰিমগঞ্জ, ১৩ জুলাই: কৰিমগঞ্জৰ পাথাৰকান্দিত শুক্ৰবাৰে পুত্ৰই হত্যা কৰিলে পিতৃক । আলমাছ উদ্দিন নামৰ এজন লোকক নৃশংসভাৱে প্ৰহাৰ কৰি পিচত বিষাক্ত দ্ৰব্য খুৱাই হত্য়া কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত আলমাছ উদ্দিনৰ প্ৰথমা পত্নীৰ পুত্ৰই পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি দ্বিতীয়া পত্নীৰ পৰিয়ালৰ লোকে পাথাৰকান্দি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
নৃশংসভাৱে প্ৰহাৰ কৰাৰ পিচত আলমাছ উদ্দিনে দ্বিতীয়া পত্নীক ফোন কৰি সমগ্ৰ ঘটনাৰ সবিশেষ জনোৱা বুলি এজাহাৰত উল্লেখ কৰি কল ৰেকৰ্ডিং পৰীক্ষা কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে দ্বিতীয়া পত্নীয়ে । এই ঘটনাৰ পিচতেই অভিযুক্তই পলায়ন কৰে ।