তিতাবৰ, 8 জুন : তিতাবৰত শনিবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ এই ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ 55 বছৰীয়া এজন ব্যক্তিৰ মৃত্যু হয় ৷ মৃত ব্যক্তিজন শিলিখা কঢ়াল গাঁৱৰ অজিত কছাৰী বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে ঘৰৰ ফেনৰ চুইছ দিবলৈ গৈ কাষতে ওলমি থকা বিদ্যুতৰ তাঁৰত হাত লাগি মাটিত বাগৰি পৰে ব্যক্তিজন ৷ পৰিয়ালৰ লোকে ব্যক্তিজনক ততাতৈয়াকৈ তিতাবৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷