ETV Bharat / snippets

ভি আই পি ৰোডত অঘটন, চলন্ত বাইকৰ ওপৰত পৰিল প্ৰকাণ্ড গছ

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 6:43 AM IST

STORM AND HEAVY RAIN IN GUWAHATI
ভি আই পি ৰোডত অঘটন, চলন্ত বাইকৰ ওপৰত পৰিল প্ৰকাণ্ড গছ (Etv Bharat ASSAM)

গুৱাহাটী, 28 মে’ : মহানগৰীতো পৰিছে ৰেমলৰ প্ৰভাৱ ৷ সোমবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাৰ ফলত মহানগৰীৰ বৰবাৰীৰ ভিআইপি পথত চলন্ত বাইকৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড কৃষ্ণচূড়াৰ গছ ৷ লগতে বাইক আৰোহীগৰাকীৰ গাৰ ওপৰত শুকান গছ ডালৰ এটা অংশ ভাগি পৰে । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন । স্থানীয় লোকে গুৰুতৰ অৱস্থাত লোকজনক উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰে ।

ইফালে পথৰ মাজত গছডাল বাগৰি পৰাৰ ফলত দুয়ো পথৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে । ঘটনাস্থলীত দিছপুৰ আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগ, বিদ্যুৎ বিভাগ আৰু বন বিভাগৰ লোক উপস্থিত হৈ এক্সকেভেটৰৰ সহায়ত পথৰ পৰা ভগা গছডাল আঁতৰাই দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.