মুক্তি পালে জুবিন গাৰ্গৰ কন্ঠত নতুন বিহুসুৰীয়া গীত "মৰমৰ তাঁতৰ শালত" - zubeen garg new assamese bihu song - ZUBEEN GARG NEW ASSAMESE BIHU SONG
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-05-2024/640-480-21382979-thumbnail-16x9-zubeen-song.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 4, 2024, 11:07 AM IST
গুৱাহাটী, 4 মে’ : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি দিয়া হয় এটি নতুন বিহুসুৰীয়া গীত । গীতটিত কণ্ঠদান কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷ "মৰমৰ তাঁতৰ শালত" শীৰ্ষক এই গীতটি কেবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুক্তি দিয়া হয় ৷
গীত মুকলি অনুষ্ঠানৰ লগতে উন্মোচন কৰা হয় গীতটিৰ পোষ্টাৰ । গীতটি মুকলি কৰে বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কর্মী ডাঃ হিতেশ বৰুৱাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী হেমলতা চেতিয়া গগৈ, শাস্ত্ৰীয় নৃত্য শিল্পী অনামিকা বৰদলৈ বৰুৱা, হৰেন বৰ্মণ, পদ্মা বৰ্মণ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ।
এইছ বি অনামিকা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই গীতটিৰ কথা অনিল হাজৰিকাৰ । আনহাতে গীতটি পৰিচালনা কৰিছে অসীম গগৈয়ে । সম্পাদনা কৰিছে বিতুল কোঁৱৰে । প্ৰযোজনা হিমাংশু বৰ্মনৰ । গীতৰ ভিডিঅ’তটিত অভিনয় কৰিছে অনামিকা ডেকা, নবীন দেউৰীয়ে । এইছ বি অনামিকা ইউটিউব চেনেলত উপলব্ধ হ'ব এই নতুন গীতটি ।
লগতে পঢ়ক : চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese Film Swargarath