thumbnail

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:47 PM IST

ETV Bharat / Videos

ওদালগুৰিত জুবিন গাৰ্গে উন্মোচন কৰিলে বিষ্ণু প্ৰসাদ ৰাভাৰ বিশাল প্ৰতিমূৰ্তি - Bishnu Prasad Rabha Statue

ওদালগুৰি, 20 জুন: জীৱন আকাশত ইন্দ্ৰধনু গঢ়াৰ সপোন দেখা বিপ্লৱী শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস আজি ৷ দৰিদ্ৰ-নিচলাৰ হকে মাতি মাতি, ৰাজ্যৰ সাংস্কৃতিক জগতত মাইলৰ খুঁটি স্থাপন কৰাৰ পিচত 1969 চনৰ আজিৰ দিনটোতে পৃথিৱীৰ পৰা বিদায় মাগিছিল মহান শিল্পীগৰাকীয়ে ৷

বিষ্ণু প্ৰসাদ ৰাভাৰ বিশেষ দিনটো ৰাজ্যৰ ভিন্ন স্থানত আজি পালন কৰা হৈছে ৷ ওদালগুৰিৰ ভেৰগাঁৱত উন্মোচন কৰা হয় ৰাভাৰ বিশাল প্ৰতিমূৰ্তি ৷ প্ৰতিমূৰ্তিটো উন্মোচন কৰে জুবিন গাৰ্গে । প্ৰায় এক কোটি দুই লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় বিষ্ণু প্ৰসাদ ৰাভা ভৱন আৰু প্ৰতিমূৰ্তি ৷ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দুই লাখ টকা প্ৰদান কৰে ।

প্ৰতিমূৰ্তিটো উন্মোচন কৰি জুবিন গাৰ্গে কয়, ‘‘ শিল্পী মৃণাল ৰাভাই খুউব ধুনীয়াকৈ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে ৷ ৰাভাদেৱৰ বিশেষ দিনটোত প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ পাই ভাল লাগিল ৷ এই প্ৰতিমূৰ্তিটো যুগ-যুগ ধৰি মানুহৰ মাজত থাকি যাব ৷’’ ইফালে এই সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে কয়, ‘‘ আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ দিন বিষ্ণু ৰাভা দিৱসত ভেৰগাঁৱত জুবিন গাৰ্গে ৰাভাদেৱৰ প্ৰতিমূৰ্তিটো মুকলি কৰিলে ৷ কলাগুৰুৰ প্ৰতিমূৰ্তিটো জুবিন গাৰ্গে উন্মোচন কৰাটো অতি অৰ্থপূৰ্ণ হৈছে ৷’’

উল্লেখ্য যে অনুষ্ঠানটোত জুবিন গাৰ্গৰ লগতে উপস্থিত থাকে পবিত্ৰ ৰাভা, বিপুল ৰাভা আদি বহুকেইগৰাকী শিল্পী ৷

লগতে পঢ়ক: আজি কলাগুৰুৰ ৫৬ তম স্মৃতি দিৱস : তেজপুৰত জিলা প্ৰশাসনে জনালে শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.