জেলৰ পৰা ওলায়ে পুনৰ অপৰাধ, ধৰ্ষণৰ গোচৰত অভিযুক্তৰ ছুৰীকাঘাতত আহত যুৱক - Crime in Jonai

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:35 PM IST

thumbnail
ছুৰীকাঘাতত আহত যুৱক (etv bharat assam)

জোনাই, 14 জুলাই : জোনাইৰ 2 নং মূৰ্কংচেলেক কমলপুৰ গাঁৱত আজি সংঘটিত হয় এক ছুৰীকাঘাটৰ ঘটনা ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় এজন যুৱক ৷ জানিব পৰা মতে কমলপুৰ গাঁৱত কমলপুৰ জামে মদজিদৰ স্থায়ী কমিটিৰ নেতৃত্বত এখন ৰাজহুৱা সভা চলি থকাৰ মাজতে ফিৰোজ আলি নামৰ যুৱকজনে চানুৰ আলি নামৰ একেখন গাঁৱৰে যুৱকজনক ধনৰ লেন-দেনত ঘটনাক লৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷

ঘটনাৰ পিচতে স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত চানুৰ আলি নামৰ যুৱকজনক ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও পিচত সংকটজনক অৱস্থাত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হয় ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই ফিৰোজ আলি নামৰ যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, আক্ৰমণকাৰী ফিৰোজ আলি নামৰ দুৰ্বৃত্তটো ধৰ্ষণৰ অভিযোগত জেলৰ পৰা দুদিন পূৰ্বে মুকলি হৈ আহিছিল ৷ ইয়াৰ পিচতে পুনৰ আজি ছুৰীকাঘাটৰ দৰে ঘটনা সংঘটিত কৰে ৷ 

লগতে পঢ়ক : দুজনী পত্নীয়েই কাল হ’ল নেকি চৈয়দ আলীৰ ! - Sensational murder in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.