খঙাল হাতীকো কেৰেপ নকৰি যুৱকে বচালে মহিলাৰ প্ৰাণ, চাওক এই দৃশ্য - wild elephant terror in Boko - WILD ELEPHANT TERROR IN BOKO
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-03-2024/640-480-21081111-thumbnail-16x9-boko-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 27, 2024, 1:29 PM IST
বকো, ২৭ মাৰ্চ : যদি ভাগ্য আপোনাৰ পক্ষত আছে তেনেহ’লে আপুনি মৃত্যুকো ঠগিব পাৰে। মঙলবাৰে কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলৰ এগৰাকী মহিলা অনিতা ছেত্ৰীয়ে সম্ভৱ এইটোৱেই অনুভৱ কৰিছিল। উন্মত্ত হাতীৰ আক্ৰমণত প্ৰায় মৃত্যুমুখত পৰাৰ পৰা সাৰি অহাৰ এই কাহিনী অনিতা ছেত্ৰীয়ে সম্ভৱতঃ তেওঁৰ ভৱিষ্যত প্ৰজন্মক এদিন নিশ্চয় ক’ব।
ৰ’ব আপোনাৰ বুজাত সুবিধা হোৱাকৈ আহিছো ঘটনাৰ ইতিবৃত্ত লৈ ৷ ৰাজ্য়ত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । ইয়াৰ মাজতেই অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত দেখা পোৱা গ'ল হাতী-মানুহৰ এক শিহৰণকাৰী দৃশ্য । হাহিমৰ শিংৰা নৈত অনিতা ছেত্ৰী নামৰ মহিলা গৰাকীয়ে কালি গা-ধুই থকাৰ সময়তেই হাবিৰ পৰা হঠাৎ এটা হস্তীয়ে মহিলাগৰাকীৰ কাষত আহি আক্ৰমণ কৰাৰ চেষ্টা চলায় । মহিলাগৰাকী এই সম্পৰ্কে জ্ঞাত নাছিল । ঠিক তেনে সময়তে মিঠুন আলী নামৰ যুৱকজনে বন্য হস্তীটোক প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাৰ পিছতো মহিলা গৰাকীয়ে একোকে গম নোপোৱাৰ ফলত বন্য হস্তীটো মহিলা গৰাকীৰ কাষত উপস্থিত হয় ।
সেই সময়তে যুৱকজনে অতি সাহসেৰে মহিলা গৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ বন্যহস্তীটোৰ সম্মুখত থিয় দিয়ে ৷ পাছত স্থানীয় ৰাইজে মহিলাগৰাকীৰ সৈতে যুৱক মিঠুন আলীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই সমস্ত ঘটনাটো কেমেৰাত আৱদ্ধ হোৱাৰ পিচতেই সামাজিক মাধ্য়মত ভাইৰেল হৈ পৰে ।
লগতে পঢ়ক:গোলাঘাটৰ মৰঙিত বন্যহস্তীৰ উপদ্ৰৱত গৃহহীন কেইবাটাও পৰিয়াল - Wild Elephant Menace