নাজিৰাটিং তামুলী পৰ্যটনস্থলীৰ ডিব্ৰু নৈত পৰি যুৱক সন্ধানহীন - Drown In Dibru River

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 3:43 PM IST

thumbnail
ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীত অঘটন (ETV BHARAT ASSAM)

তিনিচুকীয়া, 28 জুন : তিনিচুকীয়া জিলাৰ ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীত অঘটন ৷ ডিব্ৰু নৈত পৰি বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে এজন যুৱক ৷ দুজন বন্ধুৰ সৈতে গা ধুবলৈ গৈ বাঢ়নী পানীত হঠাৎ সন্ধানহীন হয় যুৱকজন ৷ সন্ধানহীন হোৱা যুৱকজন নাজিৰাটিং ওভোতাজানৰ নিবাসী 33 বছৰীয়া সঞ্জয় শৰ্মা বুলি জানিব পৰা গৈছে ৷

সন্ধানহীন হোৱা এই যুৱকজন নাজিৰাটিং ওভতাজানত অকলে থাকে ৷ যুৱকজনৰ পিতৃ আৰু মাতৃ বৰ্তমান নেপালত থাকে বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী, স্থানীয় বিধায়ক আৰু SDRF উপস্থিত হয় ৷ নিশা হোৱাৰ বাবে SDRF-এ বৃহস্পতিবাৰে অভিযান চলাব নোৱৰাৰ বাবে শুকুৰবাৰে পুনৰ অভিযান চলাই ৷ অৱশ্যে এই পৰ্যন্ত অভিযানকাৰী দলে যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ পশু চিকিৎসালয়ৰ নিৰুদ্দিষ্ট কৰ্মচাৰীৰ মৃতদেহ - Mysterious Death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.