বহিঃৰাজ্যৰ যুৱকে মৌ-পালনেৰে অসমত নিজকে কৰিছে স্বাৱলম্বী - মৌ ব্যৱসায়

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 10:47 PM IST

বাক্সা, ১৫ ফেব্ৰুৱাৰী : বিশুদ্ধ মৌ ৰস বিচাৰি ফুৰিছে নেকি ? তেন্তে আহক বাক্সালৈ ৷ বাক্সাৰ এখন কৃষি পথাৰৰ মাজতে এজনে কৰিছে মৌ-পালন । বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত অদালবাৰীৰ হাৰিভাংগা চুবুৰীত সৰিয়হ খেতিৰ পথাৰত মৌ-পালকে আৰম্ভ কৰিছে মৌৰ ব্যৱসায় ।

বিহাৰৰ পৰা অহা ব্যৱসায়ীৰ দলটোৱে বিভিন্ন পদ্ধতিৰে মৌ মাখি ভৰাই ৰাখিছে মৌ-বাহত । এই মৌসমূহে সৰিয়হৰ খেতিৰ পৰা সংগ্ৰহ কৰা মৌ-ৰস বৈজ্ঞানিক পদ্ধতিৰে উলিয়াই দুশ টকা দৰত বিক্ৰী কৰি আছে গ্ৰাহকৰ মাজত । প্ৰশিক্ষণপ্ৰাপ্ত মৌ-পালকসকলে দেশৰ বিভিন্ন ৰাজ্যত বতৰ অনুযায়ী আৰম্ভ হোৱা কৃষিৰ মৌ-ৰস বিচাৰি ব্যৱসায় চলাই থকাৰ কথা সদৰী কৰে মৌ-পালকজনে । অসমৰ সৰিয়হ খেতি শেষ হ’লে অইন ৰাজ্যত ফুলিবলৈ ধৰা বেলিফুল, আম, লিচু আদি খেতিৰ মাজলৈ এই মৌসমূহ লৈ যাব বুলি সদৰী কৰে তেওঁ ৷

লগতে পঢ়ক : নিজৰ খেতিডৰা দেখি আত্মসন্তুষ্টিৰ হাঁহি মোহনৰ মুখত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.