নুমলীগড়ত টেংকাৰৰ চকাৰ তলত সোমাই যুৱকৰ মৃত্যু - Numaligarh Refinery Limited - NUMALIGARH REFINERY LIMITED
🎬 Watch Now: Feature Video


Published : Mar 23, 2024, 10:05 PM IST
গোলাঘাট, 23 মাৰ্চ: নুমলীগড় শোধনাগাৰ বাইপাছ টেংকাৰ পাৰ্কিং ষ্টেচনৰ ভিতৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক । UP61-BT-4036 নম্বৰৰ ১৪ চকীয়া টেংকাৰখন পাৰ্কিঙৰ সময়তে প্ৰায় ২৩-২৪ বছৰ বয়সৰ ফিৰদোছ আলি নামৰ হেণ্ডিমেনজন টেংকাৰখনৰ চকাৰ তলত সোমাই পৰাত থিতাতে নিহত হয় ৷
দুৰ্ঘটনাত নিহত হোৱা যুৱকজন চিৰাং জিলাৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে উক্ত টেংকাৰ পাৰ্কিং ষ্টেচনটোত এনে ঘটনা সঘনাই সংঘটিত হোৱাৰ পিচতো শোধনাগাৰ কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ এটা পষেকৰ আগতে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিচত পুনৰ এনে ঘটনা সংঘটিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
টেংকাৰ পাৰ্কিংটোৰ বাহিৰে-ভিতৰে অধিক যানজঁট সৃষ্টি হোৱাৰ ফলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথতো সময়ে সময়ে সৰ্বসাধাৰণ ৰাইজ অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এইক্ষেত্ৰত আৰক্ষী-প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; আহত 12