ঋণৰ বোজা সহিব নোৱাৰি নুনমাটিত আত্মহত্যা যুৱকৰ - Suicide case in Noonmati

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 4:27 PM IST

thumbnail
নুনমাটিত আত্মহত্যা যুৱকৰ (ETV Bharat Assam)

গুৱাহাটী, 23 জুন: ঋণৰ বোজা সহিব নোৱাৰি মহানগৰীত যুৱকৰ আত্মহত্যা ৷ নুনমাটিৰ গোপাল নগৰত সংঘটিত হৈছে এই ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি, গোপাল নগৰত বাস কৰা অপূৰ্ব হাজৰিকা নামৰ এজন 32 বছৰীয়া যুৱকে শোৱনি কোঠাত চিপ লৈ আত্মহননৰ পথ বাছি লয় ৷

শনিবাৰে নিশা সংঘটিত হোৱা এই ঘটনাত পৰিয়ালৰ লোকে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় নুনমাটি আৰক্ষী ৷ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ সমান্তৰালকৈ আৰক্ষীয়ে মৃতদেহৰ সমীপত লাভ কৰে এক আত্মহত্যাৰ টোকা ৷

নুনমাটিৰ এক্সিছ বেংকৰ কৰ্মচাৰী হিচাপে অপূৰ্ব হাজৰিকা নামৰ যুৱকগৰাকীৰ মূৰত আছিল অত্যধিক ধাৰৰ বোজা ৷ যাৰ বাবে আন লোকৰ পৰা ধাৰে অনা পইচা সময়মতে পৰিশোধ কৰিব নোৱাৰাত প্ৰায়ে ককৰ্থনাৰ সন্মুখীন হৈ আহিছিল ৷ এই ঘটনাই মানসিকভাৱে বিধ্বস্ত কৰিছিল যুৱকগৰাকীক ৷ যাৰ বাবে নিশা ভাত-পানী খাই শুবলৈ যোৱাৰ পিছত যুৱকগৰাকীয়ে আত্মহননৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি স্থা্নীয় লোকে সন্দেহ প্ৰকাশ কৰে ৷

বিশেষ টোকা: (যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।)

লগতে পঢ়ক: পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ - Girl committed suicide

অস্ত্ৰোপচাৰৰ পিচতে চিকিৎসালয়ত আত্মহত্যা ৰোগীৰ ? অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা - Assam Medical College and Hospital

নুৰৰ আত্মহত্যা সন্দৰ্ভত পৰিয়ালে কি কয় ? - THE TRIAL ACTRESS NOOR MALABIKA DAS

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.