১২ হাজাৰৰো অধিক নামতীয়ে গঢ়িলে দিহানামৰ বিশ্ব ৰেকৰ্ড - সৰভোগত দিহানামৰ বিশ্ব ৰেকৰ্ড
🎬 Watch Now: Feature Video


Published : Feb 3, 2024, 9:41 PM IST
বৰপেটা,৩ ফেব্ৰুৱাৰী: আয়তীৰ হৰিনামেৰে মুখৰিত হ'ল সৰভোগ মিনি ষ্টেডিয়াম । খোল-তাল, নাগাৰাৰ ধ্বনিৰে মুখৰিত সৰভোগৰ আকাশ বতাহ । সদৌ অসম শংকৰ-মাধৱ দিহানাম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গুৰু দুজনাৰ অমৰ সৃষ্টি দিহানামক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় দিহানামৰ বিশ্ব ৰেকৰ্ড ।
দিহানামেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে সমগ্ৰ অসমত চাৰিটা কেন্দ্ৰ ক্ৰমে ডিব্ৰুগড়, নগাঁও, গুৱাহাটী, আৰু বৰপেটাৰ সৰভোগত অনুষ্ঠিত কৰা হয় । ধুবুৰীৰ পৰা শদিয়ালৈ ৬০ হাজাৰ নামতীৰে দিহানামক বিশ্ব ৰেকৰ্ড কৰাৰ বাবে একত্ৰিত কৰা হয় নামতীসকলক । সৰভোগ মিনি ষ্টেডিয়ামত বঙাইগাঁও, বৰপেটা, বাক্সা, দৰং, বজালী, ওদালগুৰি জিলাৰ পৰা অহা ১২ হাজাৰৰ অধিক নামতীয়ে দিহানাম পৰিবেশন কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ।
লগতে পঢ়ক: ডিব্ৰুগড়ত দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ সৃষ্টি