ওদালগুৰিৰ ভেৰগাঁৱত বিটিআৰৰ ই এমৰ গছপুলি ৰোপণ - World Environment Day 2024 - WORLD ENVIRONMENT DAY 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:32 PM IST

ওদালগুৰি,৫ জুন: আজি বিশ্ব পৰিৱেশ দিৱস । সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিৰ ভেৰগাঁৱৰ ডিমাকুছিতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ই এম দাওবৈছা বড়োৰ নেতৃত্বত ডিমাকুছিৰ বিভিন্ন প্ৰান্তত কেইবা হাজাৰ গছপুলি ৰোপণ কৰা হয় । ডিমাকুছিৰ বটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি পুৱাৰে পৰা অঞ্চলটোৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰে ই এম দাওবৈছা বড়োৱে । বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ সমস্যা ৷  

গৰমৰ মাত্ৰা অতিপাত বৃদ্ধি হোৱাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আজি ই এম দাওবৈছা বড়োৱে গছপুলি ৰোপণ কৰে । কেৱল আজিৰ দিনটোতে নহয়, প্ৰতিদিনে সমাজখন সেউজীয়া কৰাৰ উদ্দেশ্যেৰে বহুতো মূল্যৱান গছ-গছনি ৰোপণ কৰিবলৈ সকলোকে তেওঁ আহ্বান জনায় । 

লগতে পঢ়ক: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এইমছ গুৱাহাটীত এৰিডাৰ গছপুলি ৰোপণ - World Environment Day 2024

গছপুলি বিতৰণ, ছাত্ৰ-ছাত্ৰীৰ বিশেষ সজাগতামূলক অনুষ্ঠানেৰে বিশ্ব পৰিৱেশ দিৱস পালন - World Environment Day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.