কৈৱৰ্ত জালকেওট জনগোষ্ঠীয় লোক-কৃষ্টিৰ কৰ্মশালা - Folk culture workshop

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 5:11 PM IST

thumbnail

মিৰ্জা,১০ এপ্ৰিল: কৈৱৰ্ত ঢুলীয়া দল অসমৰ এক সুন্দৰ আৰু অনন্য পদক্ষেপ । অসমৰ ভূমিপুত্ৰ তথা পিচপৰা জনগোষ্ঠী মাছমৰীয়া লোকসকলৰ সুকীয়া পৰিচয়েৰে সমৃদ্ধ কৃষ্টিসমূহক উজ্জীৱিত কৰাৰ সুন্দৰ প্ৰয়াস । দক্ষিণ কামৰূপৰ আমতলাত দলটোৱে হাতত লয় এক বিশেষ পদক্ষেপ । অসমৰ ভূমিপুত্ৰ কৈৱৰ্তসকলোৰো আছে সুন্দৰ কৃষ্টি, সুকীয়া পৰম্পৰা ।  

মাছমৰীয়া লোকসকল পিচপৰা হ'লেও তেওঁলোকৰ সুকীয়া কৃষ্টি আৰু পৰম্পৰাৰে অনন্য অৱদান আগবঢ়াই আহিছে বৃহত্তৰ অসমীয়া জাতিলৈ । অসমৰ ভূমিপুত্ৰ তথা পিচপৰা জনগোষ্ঠী মাছমৰীয়াসকলৰ কৃষ্টিসমূহক নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াসেৰে দক্ষিণ কামৰূপৰ আমতলাত কৈৱৰ্ত ঢুলীয়া দল অসমে অনুষ্ঠিত কৰে কৈৱৰ্ত জালকেওত জনগোষ্ঠীয় লোক-কৃষ্টিৰ কৰ্মশালা ।  

য'ত মাছমৰাৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি ঢুলীয়ালৈকে সকলো প্ৰদৰ্শন কৰা হয় । জুইৰে নৃত্য কৰাৰ পৰা বিভিন্ন দুঃসাহসিক নৃত্যও প্ৰদৰ্শন কৰা হয় । হেৰাই যাবলৈ ধৰা সুকীয়া বৈশিষ্টৰে উজ্জীৱিত কৃষ্টি প্ৰদৰ্শনৰ জৰিয়তে নতুনক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা দেখা গ'ল । 

লগতে পঢ়ক: দখলা অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰে মনোৰঞ্জন দিছে এদল ছাত্ৰীয়ে - Viral Girl Band Party

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.